অসম

assam

ETV Bharat / sitara

আলাউদ্দিন খিলজিক সমৰ্থন কৰি সমালোচনাৰ সন্মুখীন জাৱেদ আখটাৰ - আলাউদ্দিন খিলজিক সমৰ্থন কৰি সমালোচনাৰ সন্মুখীন জাৱেদ আখটাৰ

জাৱেদ আখটাৰে টুইটাৰ যোগে আলাউদ্দিন খিলজিয়ে ভাৰতক মোগলৰ পৰা ৰক্ষা কৰিছিল বুলি মন্তব্য কৰাৰ পিছতে তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হয় প্ৰসিদ্ধ সংগীতকাৰ গৰাকী ৷ কেৱল যে সমালোচনাই হৈছে তেনে নহয়, বহুজনে সমৰ্থনো কৰিছে জাৱেদ আখটাৰক ৷

Javed Akhtar says Khilji saved India from Mangols, triggers debate on Twitter
আলাউদ্দিন খিলজিক সমৰ্থন কৰি সমালোচনাৰ সন্মুখীন জাৱেদ আখটাৰ

By

Published : Apr 29, 2020, 5:31 PM IST

চিটাৰা ডেস্ক,29 এপ্ৰিলঃজাৱেদ আখটাৰে পাকিস্তানী-কানাডিয়ান সাংবাদিক তাৰেক ফাতেহৰ সৈতে হোৱা এক তৰ্ক যুদ্ধৰ পৰিপ্ৰেক্ষিতত জাৱেদ আখটাৰে প্ৰশংসা কৰে আলাউদ্দীন খিলজিক ৷ ছ'চিয়েল মিডিয়াত এই প্ৰশংসা কৰাৰ পিছতে একাংশই সমালোচনাৰে তুলাধুনা দিয়ে প্ৰসিদ্ধ সংগীতকাৰ গৰাকীক ৷

জাৱেদ আখটাৰে ধৰ্মনিৰপেক্ষ হোৱাৰ অৰ্থ এয়ে যে আমি কোনোধৰণৰ সাম্প্ৰদায়িকতাবাদক প্ৰশ্ৰয় নিদিওঁ ৷ লগতে তেওঁ তাৰেক ফাতেহক কট্টৰবাদী বুলিও কটাক্ষ কৰে ৷

তৰ্কৰ মাজতে, জাৱেদ আখটাৰে কয় যে, আলাউদ্দীন খিলজিয়ে ভাৰতক চাৰিবাৰকৈ মোগলৰ পৰা ৰক্ষা কৰিছে ৷ ইয়াৰ প্ৰত্যুত্তৰত তাৰেকে কয় যে, খিলজি বংশই নালন্দা বিশ্ববিদ্যালয়ত আক্ৰমণ কৰিছিল ৷

এনেদৰে দুয়োৰে মাজত হোৱা ৰাজনৈতিক তৰ্কযুদ্ধক লৈ বহুজনে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ একাংশই গীতিকাৰ জাৱেদ আখটাৰক আলাউদ্দিন খিলজিক সমৰ্থন কৰাৰ বাবে তীক্ষ্ণ সমালোচনা কৰাৰ বিপৰীতভাৱে আন একাংশই আকৌ সমৰ্থন আগবঢ়ায় তেওঁৰ মন্তব্যক ৷

লগতে পঢ়কঃজনপ্ৰিয় অভিনেতা ইৰফান খানৰ মৃত্যু

ABOUT THE AUTHOR

...view details