চিটাৰা ডেস্ক, 11 ফ্ৰেব্ৰুৱাৰী: প্ৰবীণ চিত্ৰনাট্যকাৰ-গীতিকাৰ জাভেদ আখতাৰে বৃহস্পতিবাৰে সামাজিক মাধ্যমৰ জৰিয়তে কয় যে, তেওঁ কেতিয়াও হিজাব বা বোৰ্খাৰ সমৰ্থন কৰা নাই ৷ কৰ্ণাটকত হিজাব পিন্ধা যুৱতীসকলক "ভয় খুৱাবলৈ" চেষ্টা কৰা সকলক তেওঁ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে (Javed Akhtar on hijab row) ।
কৰ্ণাটকৰ কিছু কিছু অংশত হিজাবৰ সপক্ষে আৰু বিপক্ষে প্ৰতিবাদ তীব্ৰতৰ হৈছে । উল্লখ্য যে, শিক্ষানুষ্ঠানলৈ বোৰ্খা পৰিধান কৰি অহা ছাত্ৰীক প্ৰৱেশত বাধা দিয়াত এই বোৰ্খা বিতৰ্কৰ সূত্ৰপাত ঘটে ৷ ইয়াৰ পিছতেই দক্ষিণৰ ৰাজ্যখনৰ চৰকাৰে শিক্ষানুষ্ঠানসমূহৰ বাবে এক নিৰ্ধাৰিত সাজ-পোছাক বাধ্যতামূলক কৰাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে কিছুমান ঠাইত হিংসাত্মক ঘটনা ঘটে ।