চিটাৰা ডেস্ক,28 ফেব্ৰুৱাৰীঃ ছবি পৰিচালক আলী আব্বাছ জাফৰে ঘোষণা কৰে মিষ্টাৰ ইণ্ডিয়া2 নিৰ্মাণৰ কথা ৷ ঘোষণাৰ পিছৰে পৰাই যথেষ্ট চৰ্চা লাভ কৰিছে ছবিখনে ৷ ছবিখন নিৰ্মাণ হোৱাৰ কথা জানিব পাৰি অসন্তুষ্ট হৈ পৰে অনিল কাপুৰৰ কন্যা সোনম কাপুৰ ৷ আনফালে আকৌ মিষ্টাৰ ইণ্ডিয়াৰ পৰিচালক শেখৰ কাপুৰ অসন্তুষ্ট হয় ছবিখনৰ ক্ৰিয়েটিভ ৰাইটছক লৈ ৷ ইয়াৰ মাজতে শেখৰ কাপুৰে ছবিখনক লৈ কৰা ক্ৰিয়েটিভ ৰাইটছৰ দাবী সন্দৰ্ভত নিজৰ মুখ খুলিলে গীতিকাৰ তথা লেখক জাৱেদ আখটাৰে ৷ তেওঁ এই সন্দৰ্ভত নিজৰ মতামত দাঙি কয় যে,মিষ্টাৰ ইণ্ডিয়া শেখৰ কাপুৰৰ আইডিয়া নাছিল ৷
শেখৰ কাপুৰক জাৱেদ আখটাৰে ক'লে,'মিষ্টাৰ ইণ্ডিয়া আপোনাৰ আইডিয়া নাছিল ' - মিষ্টাৰ ইণ্ডিয়া 2 নিৰ্মাণ
শেহতীয়াকৈ পৰিচালক আলী আব্বাছ জাফৰে ঘোষণা কৰে মিষ্টাৰ ইণ্ডিয়া 2 নিৰ্মাণৰ কথা ৷ এই ঘোষণাৰ পিছতে মিষ্টাৰ ইণ্ডিয়াৰ পৰিচালক শেখৰ কাপুৰ অসন্তুষ্ট হয় ছবিখনৰ ক্ৰিয়েটিভ ৰাইটছক লৈ ৷ ইয়াৰ মাজতে গীতিকাৰ আৰু লেখক জাৱেদ আখটাৰে ছবিখনক লৈ দাবী কৰে যে,মিষ্টাৰ ইণ্ডিয়া ছবিখন শেখৰ কাপুৰৰ আইডিয়া নাছিল ৷
শেখৰ কাপুৰক জাৱেদ আখটাৰে ক'লে , 'মিষ্টাৰ ইণ্ডিয়া আপোনাৰ আইডিয়া নাছিল '
শেখৰ কাপুৰে দিয়া এক টুইটত নিজৰ মন্তব্য দাঙি ধৰে জাৱেদ আখটাৰে ৷ "শেখৰ ডাঙৰীয়া, কাহিনী, পৰিস্থিতি , চৰিত্ৰ, সংলাপ, গীতৰ কথা আনকি ছবিখনৰ নামো আপোনাৰ নাছিল ৷ মইহে এই সকলোবোৰ আপোনাক দিছিলো ৷ অ, এইটো হয় যে আপুনি ভালদৰে পৰিচালনা কৰিছে ৷ কিন্তু ছবিখনক লৈ এনেধৰণৰ দাবী আপুনি কেনেকৈ কৰিব পাৰে ৷ ছবিখন ধাৰণা আৰু সপোন আপোনাৰ নাছিল ৷ "
লগতে পঢ়কঃমুক্তি পালে অংগৰেজী মিডিয়ামৰ নতুন গীত,মন খুলি নাচিলে ৰাধিকা মদনে