চিটাৰা ডেস্ক,13 আগষ্টঃবলীউড অভিনেত্ৰী জাহ্নৱী কাপুৰে নিজৰ মাতৃ তথা বলীউডৰ প্ৰখ্যাত অভিনেত্ৰী শ্ৰী দেৱীৰ জন্মদিন উপলক্ষে ছ'চিয়েল মিডিয়া যোগে শ্বেয়াৰ কৰিলে মাতৃৰ সৈতে তোলা এখন পুৰণি ফটো ৷ ফটোখনৰ সৈতে জাহ্নৱীয়ে "আই লাভ ইউ মা" বুলি লিখিছে ৷ জাহ্নৱী কাপুৰৰ এই আৱেগিক প'ষ্টটোত বহুকেইগৰাকী তাৰকাই কমেন্ট কৰিছে ৷
নিজৰ প্ৰতিভাৰ জৰিয়তে বলীউডত খ্যাতি লাভ কৰা "বলীউডৰ ছান্দনী" খ্যাত অভিনেত্ৰী শ্ৰী দেৱীয়ে 1963 চনৰ 13 আগষ্টত তামিলনাডুত জন্মগ্ৰহণ কৰিছিল ৷ অতি কম বয়সৰ পৰাই অভিনয়ৰ সৈতে জড়িত হৈ পৰিছে হাৱা হাৱাই খ্যাত অভিনেত্ৰী গৰাকী ৷