চিটাৰা ডেস্ক,৮ ডিচেম্বৰ :শেহতীয়াকৈ বিতৰ্কত সোমাই পৰিছে বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ । মানী লণ্ডাৰিং বা ধন সৰবৰাহৰ এক গোচৰত অভিনেত্ৰীগৰাকীৰ নাম সাঙোৰ খাইছে । প্ৰৱঞ্চক কোটিপতি সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে থকা ২০০ কোটি টকাৰ কেলেংকাৰীৰ গোচৰত অভিনেত্ৰীগৰাকী জড়িত থকাৰ সন্দেহ কৰিছে তদন্তকাৰী সংস্থাই (Sukesh Chandrashekhar money laundering case)। যাৰ বাবে বুধবাৰে অভিনেত্ৰীগৰাকী হাজিৰ হ'ব গোচৰৰ তদন্তকাৰী সংস্থা এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটৰ (ED) কাৰ্যালয়ত (Jacqueline Fernandez to appear before ED) ।
গোচৰৰ সাক্ষী হিচাপে EDৰ জেৰাৰ সন্মুখীন হ'ব জেকলিন ফাৰ্ণাণ্ডেজ । জানিব পৰা মতে গোচৰটো সম্পৰ্কে প্ৰায় ৫০ টাকৈ প্ৰশ্নৰ উত্তৰ দিব লাগিব অভিনেত্ৰীগৰাকীয়ে । জেৰা চলিব দিল্লীৰ MTNL ভৱনত থকা EDৰ কাৰ্যালয়ত । আনহাতে অভিনেত্ৰীগৰাকীৰ জেৰাৰ সময়ত EDৰ এগৰাকী মহিলা বিষয়াৰ লগতে আন পাঁচগৰাকীও থাকিব ।
উল্লেখ্য যে ৫ ডিচেম্বৰত দেশ এৰি যাবলৈ ওলাওতেই মুম্বাই বিমানবন্দৰত আটক কৰা হৈছিল অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক (Fernandez was stopped at the Mumbai Airport)। Enforcement Directorate চমুকৈ EDয়ে জাৰি কৰা লুক আউট চাৰ্কুলাৰ (LOC)ৰ ভিত্তিত বিমানবন্দৰ কৰ্তৃপক্ষই বিদেশলৈ যোৱাৰ পূৰ্বে অভিনেত্ৰীগৰাকীক বাধা দিছিল । জেকলিনক মুম্বাই বিমানবন্দৰত কেইবা ঘণ্টা ধৰি জেৰা চলোৱা হৈছিল আৰু তাৰ পাছত মুকলি কৰি দিয়া হৈছিল ।
ইয়াৰ পাছত সোমবাৰে পুনৰ অভিনেত্ৰীগৰাকীক EDয়ে চমন জাৰি কৰে । ইয়াৰ পূৰ্বে যোৱা ৪ ডিচেম্বৰত PMLA আইনৰ আধাৰত ফাৰ্ণাণ্ডেজকে ধৰি কেইবাগৰাকী বলীউডৰ তাৰকাক সাক্ষী হিচাপে নামাকৰণ কৰি EDয়ে অভিযোগনামা দাখিল কৰিছিল । গোচৰটোত ইতিমধ্যে অভিনেত্ৰী নোৰা ফাতেহীয়েও সাক্ষ্য প্ৰদান কৰিছে । ED বিষয়টোক লৈ কঠোৰ হোৱাৰ সময়তে অভিযোগনামা সম্পৰ্কে অহা ১৩ ডিচেম্বৰত হ'ব পৰৱৰ্তী শুনানি ।
লগতে পঢ়ক :Money Laundering Case : পুনৰ জেকলিন ফাৰ্ণাণ্ডেজক সোধ-পোচ কৰিব EDয়ে