চিটাৰা ডেস্ক, ৮ ছেপ্টেম্বৰ: "ডাৰ্লিঙছ"(Darlings) নামৰ ছবিখনৰ জৰিয়তে প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিছে বলীউড অভিনেত্ৰী আলিয়া ভাটে । শেহতীয়াকৈ ছবিখনৰ দৃশ্যগ্ৰহণ সমাপ্ত হৈছে । মঙলবাৰে ইনষ্টাগ্ৰাম পোষ্ট(Instagram Post)যোগে আলিয়াই জনাইছে যে, তেওঁ আৰু তেওঁৰ টীমে ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম শেষ কৰিছে । ছবিখন সহ প্ৰযোজক হৈছে চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট ।
এই ছবিখনৰ জৰিয়তে লেখক জছমিত কে ৰীনেও পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছে । শ্বেফালী শ্বাহ, বিজয় বাৰ্মা আৰু ৰোশন মেথিউ অভিনীত এই ছবিখন ৰক্ষণশীল নিম্ন মধ্যবিত্ত পৰিয়ালৰ পটভূমিত নিৰ্মাণ কৰা হৈছে । ছবিখনত দুগৰাকী মহিলাৰ কাহিনীক নাট্যৰূপ দিয়া হৈছে । আলিয়া ভাটে ইনষ্টাগ্ৰামত এটা ৰিল পোষ্ট কৰিছে ।
ৰিলত দৃশ্যগ্ৰহণৰ সময়ৰ ফটো আৰু ভিডিঅ' প্ৰদৰ্শন কৰা হৈছে । আলিয়াই পোষ্টত উল্লেখ কৰিছে ছবিখন সুন্দৰকৈ নিৰ্মাণ কৰিবলৈ সাধ্য অনুসাৰে চেষ্টা কৰা হৈছে ।