অসম

assam

ETV Bharat / sitara

কন্যা সন্তানৰ পিতৃ-মাতৃ হোৱাৰ সৌভাগ্য হ’ল আদিত্য নাৰায়ণ আৰু শ্বেতা আগৰৱালৰ - কন্যা সন্তানৰ পিতৃ-মাতৃ

বিয়াৰ প্ৰায় এবছৰৰ পিছত সন্তানপ্ৰাপ্তিৰ সুখ লাভ কৰিলে গায়ক আদিত্য নাৰায়ণ আৰু শ্বেতা আগৰৱালে (Aditya Narayan became father) ৷ 24 ফেব্ৰুৱাৰীত তেওঁলোকৰ মাজলৈ কন্যাসন্তানৰ ৰূপত আহিল এটি দেৱশিশু (Aditya narayan wife blessed with a child) ৷ শুকুৰবাৰে আদিত্যই নিজৰ অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিলে জীৱনৰ এই সুখৰ মূহুৰ্তৰ বতৰা ৷

Aditya Narayan, Shweta Agarwal
জন্ম হ’ল আদিত্য নাৰায়ণ আৰু শ্বেতা আগৰৱালৰ প্ৰথম সন্তান

By

Published : Mar 4, 2022, 5:34 PM IST

চিটাৰা ডেস্ক, 4 মাৰ্চ :জন্ম হ’ল আদিত্য নাৰায়ণ আৰু শ্বেতা আগৰৱালৰ প্ৰথমটি সন্তান ৷ ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে এই ধৰালৈ আহিল তেওঁলোকৰ কন্যা সন্তান (Aditya Sweta first child) ৷ নিজৰ ইন্ষ্টাগ্ৰামৰ একাউন্টৰ জৰিয়তে শুকুৰবাৰে এই খবৰ প্ৰকাশ কৰে আদিত্যই ৷

কন্যা সন্তানৰ প্ৰাপ্তিৰে নিজকে ধন্য মানিছে দুয়ো তাৰকাই ( Aditya Narayan Shweta Agarwal first baby) ৷ পোষ্টটোত আদিত্যই তেওঁলোকৰ বিয়াৰো এখন ফটো আপলোড কৰিছে, য’ত গায়কজনে পত্নীৰ শিৰত সেন্দুৰ দি থকা দেখা গৈছে ৷

পোষ্টটো দিয়াৰ লগেই লগেই শুভেচ্ছাৰে উপচি পৰে আদিত্যৰ ইন্ষ্টাগ্ৰাম ৷ বলীউডত আত্মপ্ৰকাশ কৰা ছবি শাপিতৰ ছেটত লগ পাইছিল আদিত্য আৰু শ্বেতাই ৷

ছবি শাপিতৰ ছেটত লগ পাইছিল আদিত্য আৰু শ্বেতাই

লগতে পঢ়ক:ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ জীৱনৰ দীঘলীয়া প্ৰেমৰ অধ্যায়

ABOUT THE AUTHOR

...view details