চিটাৰা ডেস্ক , 18 ছেপ্তেম্বৰ :কৰ'ণা অতিমাৰীয়ে সমগ্ৰ দেশত সংহাৰ সৃষ্টি কৰাৰ সময়ত আৰ্তজনক কাষত ঠিয় দি সকলোৰে প্ৰিয় হৈ পৰা বলিউদৰ অভিনেতা চনু চুডৰ বিৰুদ্ধে উত্থাপিত হৈছে কৰ ফাঁকিৰ অভিযোগ ৷ শনিবাৰে CBDT(Central Board of Direct Taxes)য়ে অভিযোগ কৰে যে, চনু চুড আৰু তেওঁৰ সহযোগীসকলে 20 কোটি টকাৰ কৰ ফাঁকি দিছে ৷
CBDTয়ে এইবুলিও দাবী কৰে যে, চনু চুড আৰু তেওঁৰ লক্ষ্ণৌস্থিত এটা infrastructure গ্ৰুপত আয়কৰ বিভাগে চলোৱা অভিযানত এই কথা পোহৰলৈ আহিছে যে, বহু ভুৱা প্ৰতিষ্ঠানৰ পৰা ভুৱা অসুৰক্ষিত ঋণৰ ৰূপত হিচাপবিহীন উপাৰ্জন কৰা হৈছে ৷ বিদেশৰ পৰা অনুদান সংগ্ৰহ কৰাৰ সময়ত চুডে Foreign Contribution Regulation Act (FCRA) উলংঘা কৰা বুলিও CBDTয়ে অভিযোগ উত্থাপন কৰিছে ৷
লগতে পঢ়ক :সহায় বিচাৰি চনু চুডৰ বাসগৃহত ভিৰ একাংশ দৰিদ্ৰৰ
15 ছেপ্তেম্বৰত বিভাগটোৱে 48 বৰ্ষীয় অভিনেতাজন আৰু লক্ষ্ণৌস্থিত উদ্যোগসমূহৰ বিৰুদ্ধে তালাচী অভিযান আৰম্ভ কৰে ৷ CBDTয়ে জানিবলৈ দিয়া মতে, অভিনেতাগৰাকীৰ বিৰুদ্ধে এতিয়াও অভিযান অব্যাহত আছে ৷ অভিনেতাজনৰ লগতে তেওঁৰ সহযোগীসকলৰ চৌহদত চলোৱা তালাচীৰ সময়ত কৰ ফাঁকি সম্পৰ্কীয় বহুতো আপত্তিজনক প্ৰমাণ পোৱা গৈছে বুলি CBDTয়ে দাবী কৰিছে ৷
বিভাগীয় সূত্ৰই দাবী কৰা মতে এই পৰ্যন্ত চুডে কৰ ফাঁকি দিয়াৰ পৰিমাণ হৈছে 20 কোটিতকৈও অধিক ৷ বিগত বৰ্ষত 21 জুলাইত ক'ভিড-19ৰ প্ৰাদুৰ্ভাৱৰ সময়ত অভিনেতাজনৰ পৃষ্ঠপোষকতাত স্থাপন হোৱা দাতব্য সংস্থাটোৰ বিষয়েও উল্লেখ কৰে ৷ অভিযোগ অনুসৰি 2021ৰ 1 এপ্ৰিলৰ পৰা আজিৰ তাৰিখলৈকে সংস্থাটোৱে 18.94 কোটি টকা সংগ্ৰহ কৰিছে ৷
লগতে পঢ়ক :ভূৱা সাহায্য প্ৰদান অভিযানক লৈ অনুৰাগীক সতৰ্ক চনু চুডৰ