নিউজ ডেস্ক, 30 এপ্ৰিলঃ 2020 চনৰ 29 এপ্ৰিলৰ দিনটো বলিউডৰ বাবে হৈ ৰ'ব এটি দুখৰ দিন । এই দিনটোত খহি পৰিল বলিউডৰ এটি ধ্ৰুব তৰা, যি নিজৰ প্ৰতিভাৰ বলেৰে জিলিকি আছিল বলিউডৰ আকাশত । কেৱল বলিউডৰে নাছিল ইৰফান খান, হলিউড চবিতো নিজৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছিল, তাকো বিভিন্ন শিতানত অস্কাৰ লাভ কৰা ছবিত ।
1967 চনত ৰাজস্থানৰ খাজুৰীয়া নামৰ এখন সৰু গাঁৱত জন্ম হৈছি ইৰফান খানৰ ।
ইৰফান খানে বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে আহি বলিউডত নিজৰ প্ৰতিভাৰ উমান দিছিল । তেওঁ বিভিন্ন ধাৰাবাহিক চানক্য, ভাৰত এক খ'জ আৰু ছন্দ্ৰকান্তত অভিনয় কৰিছিল । তেনেতে তেওঁ চলচিত্ৰ নিৰ্দেশক মীৰা নায়াৰৰ দৃষ্টি আকৰ্ষণ কৰে । চালাম বম্বেত তেওঁক অভিনয়ৰ সুযোগ দিয়ে ।
তাৰ পাচতে তেওঁ পেৰেলেল ছবি এক ডক্তৰ কী ম'ত, দৃষ্টি, কাৰামাটি কতত অভিনয় কৰে । এনেতে তেওঁ মিলিত হয় লণ্ডনৰ পৰিচালক আচিফ কাপাডিয়াৰ । যাৰ জৰিয়তে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰে । তেওঁ তাৰ সমান্তৰালকৈ বুটলি যায় বলিউডৰো অলেখ প্ৰশংসা । তেওঁ অভিনয় কৰে পান সিং তোমৰ, টলৱাৰ, আন-মেন এট ৱৰ্ক, আদি বিভিন্ন জলপ্ৰিয় ছবিত । পান সিং তোমৰৰ বাবে অভিনেতা জনে লাভ কৰে ফ্লিমফেয়াৰ এৱাৰ্ড ।
2018 চনত অভিনেতা জনৰ শৰীৰত ধৰা পৰে কৰ্কট ৰোগ । সেয়ে তেওঁ চিকিৎসাৰ বাবে কিছুদিন লণ্ডনত থাকে । তাৰ পৰা আহি তেওঁ ক্লান্ত হৈ পৰা দেহাৰেই অভিনয় কৰে অন্তিমখন চিনেমা ইংলিছ মিডিয়ামত । পিছে লকডাউনৰ বাবে ছবিখন হলত মুকলি নহ'ল, অনলাইন যোগে মুকলি দিয়া হ'ল ছবিখন ।