চিটাৰা ডেস্ক,29 এপ্ৰিলঃ বুধবাৰে 53 বছৰ বয়সতে বিয়োগ ঘটে বলীউড অভিনেতা ইৰফান খানৰ ৷ বলীউডবাসীৰ লগতে অনুৰাগীক শোকসাগৰত পেলাই অকালতে মৃত্যুবৰণ কৰে প্ৰসিদ্ধ অভিনেতাগৰাকীয়ে ৷ শেহতীয়াকৈ বলীউডৰ সকলো তাৰকাই অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে নিজৰ অনুভৱ ব্যক্ত কৰে ৷
বিগ বি অমিতাভ বচ্চনে টুইটাৰ যোগে ইৰফান খানৰ সৈতে নিজে কৰা অভিনয়ৰ স্মৃতি ৰোমন্থন কৰে ৷ উল্লেখ্য যে, পিকু ছবিখনত অমিতাভ বচ্চন আৰু অভিনেতা ইৰফান খানক একেলগে দেখিবলৈ পোৱা গৈছিল ৷ ইৰফান খান নোহাৱা হোৱাৰ খবৰটোৱে আৱেগিক কৰি তুলিলে অভিনেতাগৰাকীক ৷
মহান গায়িকা লতা মংগেশকাৰে ইৰফান খানৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ তেওঁ টুইটাৰ যোগে অভিনেতাগৰাকীৰ প্ৰশংসা কৰাৰ লগতে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷
অভিনেতা ইৰফান খানৰ নিধন হোৱাৰ খবৰ পোৱাৰ পাছতে অভিনেতা অক্ষয় কুমাৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ছ'চিয়েল মিডিয়া যোগে ৷
সংগীতকাৰ জাৱেদ আখটাৰে অভিনেতা ইৰফান খানৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে ইৰফান খানৰ প্ৰতিভাক প্ৰশংসা কৰি এজন যথেষ্ট প্ৰতিভাসম্পন্ন লোকক হেৰুৱালো বুলি মন্তব্য কৰে ৷
সুজিত চিৰকাৰ, প্ৰিয়ংকা চোপ্ৰা, অভিষেক বচ্চন,মনিষা কৈৰালা, প্ৰীতি জিন্টা, তাপসী পান্নু, ভূমি পেডনেকাৰ, য়ামী গৌতম, মুক্তি মোহন , সোনম কে আহুজা, কৰণবীৰ ব'হ্ৰা,সোণালী চেইগল,শ্ৰুতি হাসানৰ দৰে বহু বি-তাৰকাই প্ৰতিভাশালী অভিনেতাই ইৰফান খানৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷
এইখিনিতে জনাই থওঁ যে, প্ৰসিদ্ধ অভিনেতাগৰাকীয়ে মৃত্যুবৰণ কৰে মুম্বাইৰ কোকিলাবেন হাস্পতালত ৷ পূৰ্বৰ পৰাই নিউৰোএন্দ্ৰোক্ৰাইন টিউমাৰত আক্ৰান্ত হৈ আছিল অভিনেতাগৰাকী ৷ বহু সময়ৰ পৰাই অসুখৰ সৈতে যুঁজ দি আছিল অভিনেতাগৰাকীয়ে ৷অংগ্ৰেজী মিডিয়াম নামৰ ছবিখনত তেওঁক শেষবাৰৰ বাবে দেখিবলৈ পোৱা গৈছিল ৷
মৃত্যুৰ সময়ত ইৰফান খানে পত্নী সুতাপা চিকদৰ আৰু দুই পুত্ৰ বাবিল আৰু আয়ানক এই সংসাৰত এৰি থৈ গৈছে ৷
লগতে পঢ়কঃজনপ্ৰিয় অভিনেতা ইৰফান খানৰ মৃত্যু