চিটাৰা ডেস্ক, ৫ জানুৱাৰী: আগন্তুক ছবি 'আদিপুৰুষ'ত 'ৰাৱন'ৰ চৰিত্ৰ ৰূপায়ণ কৰিব অভিনেতা ছৈফ আলী খানে । মহাকাব্য ৰামায়ণৰ আধাৰত নিৰ্মিত ছবিখনত বাহুবলী অভিনেতা প্ৰভাসে ৰূপায়ণ কৰিব প্ৰভু শ্ৰী ৰামৰ চৰিত্ৰ । ছৈফ আলী খানে ৰূপায়ণ কৰিবলগীয়া চৰিত্ৰটোৰ বিষয়ে ক'বলৈ গৈ ছবিখনৰ ডায়েলগ আৰু গীত ৰচোতা মনোজ মুণ্টাশিৰে কয় যে,ছৈফে এগৰাকী শক্তিশালী ৰজাৰ চৰিত্ৰ ৰূপায়ণ কৰিব । আন এক সুত্ৰই প্ৰকাশ কৰা মতে,ছৈফক এগৰাকী বিশাল ব্যক্তিত্বৰ ব্যক্তি হিচাপে দেখুওৱাৰ লগতে বিশেষ কৌশল ব্যৱহাৰ কৰি তেওঁৰ উচ্চতা ৮-৯ ফুটলৈ বৃদ্ধি কৰা দেখুওৱা হ'ব ।
ছৈফৰ প্ৰকৃত উচ্চতা ৫ ফুট ৫ ইঞ্চি । ডাঠ মোচ আৰু দীঘল চুলিৰে ব্যতিক্ৰমী ৰূপত দেখা পোৱা যাব ৫০ বছৰীয়া অভিনেতাজনক । সম্প্ৰতি নিজৰ দেহৰ অধিক যত্ন লোৱা দেখা গৈছে ছৈফক । আনহাতে,বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ছবিখনত তেওঁ ৰূপায়ণ কৰিবলগীয়া চৰিত্ৰটোৰ বিষয়ে কিছু কথা ৰাজহুৱা কৰি সমালোচনাৰ সন্মুখীন হৈছিল । একাংশ লোকে তেওঁ ছবিখনৰ আঁতৰাবলৈ দাবী জনাইছিল ।