অসম

assam

ETV Bharat / sitara

কিয়াৰা আদৱানীৰ ‘হছীনা পাগল দীৱানী’য়ে দীৱানী কৰিছে অনুৰাগীক

অভিনেত্ৰী কিয়াৰা আদৱানীৰ মুক্তি লাভ কৰিবলগীয়া ছবি ‘ইন্দু কী জৱানী’ৰ প্ৰথমটো গীত ‘হছীনা পাগল দীৱানী’ মুকলি ৷ বুধবাৰে চ’ছিয়েল মিডিয়াযোগে গীতটি শ্বেয়াৰ কৰে অভিনেত্ৰী গৰাকীয়ে ৷

Indoo ki jawani movie's first song released
কিয়াৰা আদৱানীৰ ‘হছীনা পাগল দীৱানী’

By

Published : Sep 17, 2020, 10:26 AM IST

চিটাৰা ডেস্ক, 17 ছেপ্তেম্বৰ: ‘কবিৰ সিং’ত অভিনেতা শ্বাহিদ কাপুৰৰ বিপৰীতে অভিনয় কৰি অধিক জনপ্ৰিয়তা অৰ্জন কৰা অভিনেত্ৰী কিয়াৰা আদৱানীয়ে এইবাৰ ধামাল দেখুৱাবলৈ সাজু হৈছে নতুনকৈ মুক্তি লাভ কৰিবলগীয়া ছবি ‘ইন্দু কী জৱানী’ৰ জৰিয়তে ৷

বুধবাৰে ছবিখনৰ ‘হছীনা পাগল দীৱানী’ নামৰ প্ৰথমটো গীত মুকলি হোৱাৰ পাচতে দৰ্শকৰ মাজত চৰ্চিত হৈ পৰিছে কিয়াৰা ৷ কণ্ঠশিল্পী মীকা সিং আৰু আচীচ কৌৰে কণ্ঠদান কৰা গীতটিত অভিনেত্ৰী কিয়াৰাৰ ঠুমকাই মোহিত কৰিছে অনুৰাগীসকলক ৷

কিছুদিন পূৰ্বে ছবিখনৰ টীজাৰ মুকলি হোৱাৰ পিচতে বুধবাৰে প্ৰথমটো গীত মুকলি হয় ৷ অতি শীঘ্ৰেই মুক্তি লাভ কৰিবলগীয়া ছবিখনৰ গীতটি শ্বেয়াৰ কৰি কিয়াৰাই কেপচনত এইদৰে উল্লেখ কৰে, ‘‘য়ে হ্যে ইন্দু হছীনা পাগল দীৱানী’’ ৷ ইয়াৰ পিচতে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে কিয়াৰাই ৷

লগতে পঢ়ক:অহা 9 নৱেম্বৰত মুক্তি লাভ কৰিব ম’ষ্ট ওৱাণ্টেড ছবি ‘লক্ষ্মী বোম্ব’

ABOUT THE AUTHOR

...view details