অসম

assam

ETV Bharat / sitara

অভিনেত্ৰী দিপ্তী সাধৱানীৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

নতুন হাৰিয়ানা ভাষী গানৰ ভিডিঅ’ৰ শুভমুক্তিৰ পাচতে বলিউডৰ অভিনেত্ৰী দিপ্তী সাধৱানীৰ সৈতে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ...

By

Published : Jul 31, 2020, 1:53 PM IST

indian actress deepti sadhwani interview with etv bharat
অভিনেত্ৰী দিপ্তী সাধৱানীৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

চিটাৰা ডেস্ক, 31 জুলাই : বৃহস্পতিবাৰে বলিউডৰ অভিনেত্ৰী দিপ্তী সাধৱানীৰ সৈতে হোৱা ইটিভি ভাৰতৰ এক সাক্ষাৎকাৰত অভিনেত্ৰী গৰাকীয়ে সদৰি কৰে যে, বিগত কেইবছৰমানৰ পৰাই তেওঁ বলিউড জগতৰ সৈতে জড়িত হৈ আছে আৰু বহুকেইটা বলিউডৰ গানৰ ভিডিঅ’ত মডেল হিচাপে কাম কৰিছে ৷ বৃহস্পতিবাৰে তেওঁৰ নতুন হাৰিয়ানা ভাষী গানৰ ভিডিঅ’ শুভমুক্তি লাভ কৰে ৷

ইয়াৰোপৰি, সম্প্ৰতি এক মিউজিক ফিল্মৰ কামত ব্যস্ত হৈ আছে অভিনেত্ৰী দিপ্তী সাধৱানী ৷ তেওঁ ইতিমধ্যে ফৈজলপুৰীয়া আৰু বাদশ্বাহৰ সৈতে এটি গানৰ ভিডিঅ’ত অভিনয় কৰিছে বুলি অভিনেত্ৰী গৰাকীয়ে সাক্ষাৎকাৰযোগে সদৰি কৰে এই কথা ৷ তেওঁ অভিনয় কৰা এই গানৰ ভিডিঅ’টিত হাৰিয়ানাৰ সংস্কৃতি দেখুওৱাৰ লগতে এই ভিডিঅ’টি পঞ্চকুলা আৰু মোহালীত শ্বুটিং কৰা হৈছিল ৷

অভিনেত্ৰী দিপ্তী সাধৱানীৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

গানটোৰ শ্বুটিঙৰ স্মৃতি সুঁৱৰি তেওঁ কয় যে, শ্বুটিঙৰ মাধ্যমেৰে তেওঁ আনন্দ উপভোগ কৰিছিল ৷ পঞ্জাৱৰ মনোমোহা সংস্কৃতিয়ে তেওঁক মোহাচ্ছন্ন কৰি তুলিছিল ৷ ইয়াৰ পাচতে দুটা গানৰ শ্বুটিং সম্পন্ন কৰি তেওঁ পুনৰ সেই ঠাইৰ আনন্দ ল’বলৈ যায় ৷

পৰৱৰ্তী সময়ছোৱাত পঞ্জাৱী সংগীত নিৰ্দেশক অৰবিন্দৰ খেৰাৰ এটি গানৰ ভিডিঅ’ত অভিনেত্ৰী দিপ্তী সাধৱানীক দেখা পাব বুলি তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :বৈশ্বিক পৰ্যটনৰ বাবে কোনো সময়সীমা নাই, বৃদ্ধি পাব ভ্ৰমণৰ খৰছ- বিশেষজ্ঞ

ABOUT THE AUTHOR

...view details