নিউজ ডেস্ক, ২২ মাৰ্চঃ আগন্তুক লোকসভা নিৰ্বাচন প্ৰাৰ্থিত্ব আগনবঢ়ায়বলীউডৰ ভাইজান ছলমান খানে । হোলীৰ দিনটোতে এই কথা সদৰী কৰেঅভিনেতাজনে ।
কিয় পলিটিক্স নকৰে ছলমান খানে? - ইন্দোৰ
"মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ খবৰটো সম্পূৰ্ণ মিছা " স্পষ্টকৈ ক'লে বলীউডৰ ডাবাংগ ছলমান খানে ৷
ৰাজনীতিত ভৰি নিদিয়ে ছলমান খানে
বৃহস্পতিবাৰে টুইটাৰযোগে অভিনেতাগৰাকীয়ে কয়,"মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ খবৰটো সম্পূৰ্ণ মিছা ৷ মই নিৰ্বাচনত অংশগ্ৰহণ নকৰোঁ বা কোনো দলৰ হৈ প্ৰচাৰ নচলাওঁ"
উল্লেখ্য যেবিগত কিছু দিন ধৰি বলীউড ডাবাংগ ছলমান খানক মধ্য প্ৰদেশৰ ইন্দোৰৰ পৰা কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্বৰ বাবে বাছনি কৰাৰ কথা বহুলভাৱে প্ৰচাৰ হৈছিল । কংগ্ৰেছ দলৰ মজিয়াতএই সন্দৰ্ভত আলোচনা কৰা হৈছিল বুলিও খবৰ ওলাইছিল । কিন্তু ছলমান খানৰ টুইটটোৰ পাচতে স্পষ্ট হৈ পৰিল সকলো ।