চিটাৰা ডেস্ক,2আগষ্টঃ সুশান্তৰ আত্মহত্যা সন্দৰ্ভত শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত বিহাৰ আৰক্ষীৰ মহাপৰিদৰ্শক গুপ্তেশ্বৰ পাণ্ডেই নিজৰ মন্তব্য প্ৰদান কৰে ৷ বিহাৰ আৰক্ষীৰ মহাপৰিদৰ্শক (ডিজিপি) গৰাকীৰ মতে,"যদি ৰিয়া চক্ৰৱৰ্তীয়ে নিজকে দোষী বুলি মানিব বিচৰা নাই, তেতিয়াহ'লে তেওঁ সন্মুখলৈ আহিব লাগে ৷ এই লুকা-ভাকু খেলখন কিয় খেলিছে ৷ যদি আপুনি একো কৰাই নাই তেন্তে কি কথাত ভয় খাইছে ৷"
"সন্মুখলৈ আহক, লাগিলে মুম্বাই পুলিচেই অনুসন্ধান কৰক, লাগিলে বিহাৰ পুলিচেই অনুসন্ধান কৰক, লাগিলে চি.বি.আই নিৰীক্ষণ চলাওক ৷ আপুনি সন্মুখলৈ আহক যদি আপুনি একো কৰা নাই ৷"