চিটাৰা ডেস্ক,3 মে'ঃ বহু প্ৰতীক্ষিত ভাৰতৰ আটাইতকৈ ডাঙৰ ভাৰ্ছুৱেল কনছাৰ্টত অংশগ্ৰহণ কৰিবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছে বলীউড চুপাৰষ্টাৰ শ্বাহৰুখ খানে ৷
আই ফৰ ইণ্ডিয়া নামৰ COVID-19 সাহাৰ্য সংগীতানুষ্ঠানৰ অংশীদাৰ হৈ সুখী শ্বাহৰুখ খান - ভাৰতৰ আটাইতকৈ ডাঙৰ ভাৰ্ছুৱেল কনছাৰ্ট
চুপাৰষ্টাৰ শ্বাহৰুখ খানে লক্ ডাউনৰ সময়ছোৱাত অংশগ্ৰহণ কৰিব ভাৰতৰ আটাইতকৈ ডাঙৰ ভাৰ্ছুৱেল কনছাৰ্টত ৷ এই কনছাৰ্ট আয়োজন কৰা হৈছে COVID-19 সাহাৰ্যপুঁজিত ধন সংগ্ৰহৰ বাবে ৷ মনোৰঞ্জনৰ মাধ্যমেৰে মহামাৰীৰ বাবে এনেধৰণে ধন সংগ্ৰহ কৰিবলৈ লোৱা কাৰ্যত অংশীদাৰ হ'বলৈ পাই সুখী চুপাৰষ্টাৰ শ্বাহৰুখ খান ৷

54 বছৰীয়া জনপ্ৰিয় অভিনেতাগৰাকীয়ে নিজৰ টুইটাৰ যোগেআই ফৰ ইণ্ডিয়া নামৰ COVID-19 সাহাৰ্য সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই সুখী হোৱা বুলি ব্যক্ত কৰিছে ৷ বহু শিল্পী সাজু হৈছে দেওবাৰে সন্ধিয়া 7.30 বজাত অনুষ্ঠিত হ'ব লগা ভাৰ্ছুৱেল সংগীত সমাৰোহৰ বাবে ৷ মনোৰঞ্জনৰ মাধ্যমেৰে মহামাৰীৰ বাবে এনেধৰণে ধন সংগ্ৰহ কাৰ্যসূচীলৈ সহযোগিতা আগবঢ়াইছে বহু শিল্পীয়ে ৷
ছবি নিৰ্মাতা কৰণ জোহৰৰ লগত এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে ছবি নিৰ্দেশক জয়া আখটাৰেও ৷ উল্লেখ্য যে, আই ফৰ ইণ্ডিয়া নামৰ এই বিশেষ কনছাৰ্টত অংশগ্ৰহণ কৰিব 85ৰো অধিক চেলিব্ৰেটীয়ে ৷