অসম

assam

ETV Bharat / sitara

'আই এম বেক' : হাস্পতালৰ পৰা ঘৰলৈ উভতিল ৰেমো ডিছুজা

হৃদৰোগত আক্ৰান্ত হোৱাৰ পাচত এতিয়া সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিছে কৰিঅ’গ্ৰাফাৰ তথা প্ৰযোজক ৰেমো ডিছুজাই ৷ ইনষ্টাগ্ৰামযোগে এক প’ষ্ট শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰে ৰেমোৱে ৷

Remo D'Souza
ৰেমো ডিছুজা

By

Published : Dec 19, 2020, 9:56 AM IST

চিটাৰা ডেস্ক,19 ডিচেম্বৰ : বলিউডৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ তথা ছবি প্ৰযোজক ৰেমো ডিছুজাই হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ পাচত শুকুৰবাৰে সুস্থ অৱস্থাত চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিছে ৷ 11 ডিচেম্বৰৰ পৰা কোকিলাবেন হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছিল ৰেমো ডিছুজা ৷

ইনষ্টাগ্ৰামযোগে এক ভিডিঅ’ শ্বেয়াৰ কৰি ঘৰলৈ উভতাৰ কথা ব্যক্ত কৰে 46 বৰ্ষীয় ছবি প্ৰযোজকগৰাকীয়ে ৷ ফটোৰে সৈতে কেপচনত অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰি তেওঁ লিখিছে "Thank you all for the love, prayers and blessings I am back... thank you @gabrieldsouzaaa @_adonis_ and @edie_rockwood for the beautiful welcome back ... and thanks to all my friends."

বলিউডৰ বহু ছবিৰ গীতত কৰিঅ’গ্ৰাফী কৰাৰ লগতে ৰেমো ডিছুজাই ‘F.A.L.T.U’, ‘ABCD’, ‘A Flying Jatt’ আৰু ‘Race 3’ত প্ৰযোজক হিচাপে কাম কৰিছে ৷

লগতে পঢ়ক :মে' ডে’ৰ জৰিয়তে বলিউডত পদাপৰ্ণ কৰিব কেৰিমিনতিয়ে

ABOUT THE AUTHOR

...view details