অসম

assam

পত্নী দীপিকাই থাপ্পড় মাৰিব বুলি কিয় ভয় ৰণবীৰৰ ?

By

Published : Oct 13, 2021, 5:22 PM IST

Updated : Oct 13, 2021, 5:28 PM IST

ৰণবীৰ সিঙৰ আহি থকা 'দ্য বিগ পিকচাৰ' শ্ব'টোৱে সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে । শ্ব'টোৰ এটা প্ৰচাৰমূলক ভিডিঅ'ত অভিনেতাগৰাকীয়ে কিয় ক'লে পত্নী দীপিকাই তেওঁক থাপ্পড় মাৰিব বুলি ?

Ranveer Singh
পত্নী দীপিকাই মাৰিব বুলি কিয় ভয় ৰণবীৰৰ

চিটাৰা ডেস্ক,১৩ অক্টোবৰ :এইবাৰ বোলছবি নহয় সৰু পৰ্দাত ৰণবীৰ সিঙৰ বিশেষ অনুষ্ঠান । 'দ্য বিগ পিকচাৰ' (The Big Picture) নামৰ কুইজ শ্ব'টোৰ বাবে ইতিমধ্যে সাজু হৈছে অভিনেতাগৰাকী । সামাজিক মাধ্যমত ব্যাপক চৰ্চা হৈছে অভিনেতাগৰাকীৰ নতুন অনুষ্ঠানটোক লৈ । ইতিমধ্যে অনুষ্ঠানৰ প্ৰচাৰমূলক ভিডিঅ'বোৰ মুকলি কৰা হৈছে ।

সেই ভিডিঅ'বোৰৰ এটা বিশেষ ভিডিঅ'ই সম্প্ৰতি অধিক সমাদৰ লাভ কৰিছে । অভিনেতাগৰাকীৰ ইনষ্টাগ্ৰামৰ একাংশ পোষ্টক লৈ অভিনেতাগৰাকীক প্ৰশ্ন কৰা হৈছে ভিডিঅ'টোত । অভিনেতাগৰাকীৰ পত্নী তথা অভিনেত্ৰী দীপিকা পাডুকনৰ সৈতে তেওঁৰ এখন বিশেষ ফটো ভিডিঅ'টোত দেখুওৱা হৈছে আৰু প্ৰশ্ন কৰা হৈছে ফটোখন কোনটো মন্দিৰৰ সন্মুখত তোলা হৈছিল । ধেমেলীয়া স্বভাৱৰ বাবে পৰিচিত অভিনেতাগৰাকীয়ে ধেমেলীয়া সুৰতে উত্তৰ দিছে যে যদি তেওঁ তাৰ উত্তৰ নাজানে, তেনেহ'লে ঘৰলৈ গৈ পত্নীৰ পৰা তেওঁ থাপ্পড় খাবলৈ প্ৰস্তুত থাকিব লাগিব ।

কিয়নো ফটোখন তেওঁলোকৰ প্ৰথম বিবাহ বাৰ্ষিকীত তোলা গৈছিল । তিৰুপতি মন্দিৰৰ সন্মুখত দুয়োগৰাকীয়ে তুলিছিল ফটোখন । ফটোখনৰ আঁৰৰ কাহিনী উল্লেখ কৰি অভিনেতাগৰাকীয়ে কয় যে তেওঁলোকৰ বাস্তৱৰ প্ৰেম কাহিনী চেতন ভগতৰ উপন্যাস ২ ষ্টেটছ: দ্য ষ্টৰী অৱ মাই মেৰেজৰ (2 States: The Story of My Marriage) দৰে একে । কিয়নো দীপিকা পাডুকনৰ পৰিয়াল বেংগালুৰুৰ আৰু তেওঁৰ পৰিয়াল মুম্বাইৰ ।

সেয়ে বিবাহ বাৰ্ষিকীৰ দিনটোক বিশেষ কিবা এটা কৰাৰ চিন্তা কৰিছিল দুয়োগৰাকীয়ে । যাৰ বাবে তেওঁলোকে দুয়োখন ঠাইলৈ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল । প্ৰথমে তেওঁলোকে ফটোখনত দেখা অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি মন্দিৰলৈ গৈছিল আৰু তাৰ পাছত অমৃতচৰৰ গোল্ডেন টেম্পল দৰ্শন কৰিছিল । ভিডিঅ'টোত নিজকে শতিকাৰ শ্ৰেষ্ঠ স্বামী হিচাপেও উল্লেখ কৰিলে ৰণবীৰে ।

উল্লেখ্য যে 'দ্য বিগ পিকচাৰ' নামৰ কুইজ শ্ব'টো ১৬ অক্টোবৰৰ পৰা কালাৰ্ছত (Colors) সম্প্ৰচাৰ হ'ব । টেলিভিছনৰ এই শ্ব'টোৰ দ্বাৰা তেওঁ দৰ্শকৰ অধিক সমাদৰ লাভ কৰিব বুলি আশাবাদী ৰণবীৰ সিং । ইফালে অভিনেতাগৰাকীক কবিৰ খানৰ পৰৱৰ্তী '৮৩' বোলছবি খনত দেখা যাব । সমান্তৰালকৈ ৰোহিত চেট্টীৰ কমেডী ছবি 'চাৰ্কাছ' (Cirkus) আৰু এক্সন ড্ৰামা ছবি 'Sooryavanshi’ ত দেখা যাব ৰণবীৰ সিঙক ।

লগতে পঢ়ক :আৰিয়ান খান ক্ৰুজ ড্ৰাগছ গোচৰত প্ৰধানমন্ত্ৰীক লক্ষ্য শত্ৰুঘ্ন সিনহাৰ

Last Updated : Oct 13, 2021, 5:28 PM IST

ABOUT THE AUTHOR

...view details