অসম

assam

ETV Bharat / sitara

চুপাৰ 30 ৰ শ্বুটিং চেটৰ পৰা ফটো শ্বেয়াৰ হৃত্বিকৰ

আনন্দ কুমাৰ নামৰ এগৰাকী গণিতৰ শিক্ষকৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব অভিনেতা হৃত্বিক ৰোশনক ৷ চলিত বৰ্ষৰ 12 জুলাইত মুক্তি লাভ কৰিব ছবিখনে ৷

By

Published : Jun 8, 2019, 9:57 AM IST

চুপাৰ 30 ৰ শ্বুটিং চেটৰ পৰা ফটো শ্বেয়াৰ হৃত্বিকৰ

নিউজ ডেস্ক, 8 জুনঃ হৃত্বিক ৰোশনৰ বহু প্ৰত্যাশিত ছবি "চুপাৰ 30" ৰ শ্বুটিং চেটৰ পৰা টুইটাৰ যোগে এক ফটো শ্বেয়াৰ কৰে অভিনেতাগৰাকীয়ে ৷ ছ'চিয়েল মিডিয়াযোগে ফটো শ্বেয়াৰ কৰি অভিনেতা গৰাকীয়ে উল্লেখ কৰে যে, "চুপাৰ 30 ছবিত যদিও মই এগৰাকী শিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছো তথাপিও শ্বুটিং চেটত নিজকে এগৰাকী ছাত্ৰৰ দৰেই অনুভৱ হৈছে ৷ চৰিত্ৰটোৰ দ্বাৰা প্ৰকাশিত উদ্যম, আক্ষেপ তথা বিভিন্ন দিশ সমূহে এগৰাকী ছাত্ৰৰ দৰেই মোক বহু কেইটা দিশ শিকাই গৈছে ৷ "

চুপাৰ 30 ৰ শ্বুটিং চেটৰ পৰা ফটো শ্বেয়াৰ হৃত্বিকৰ

উল্লেখ্য যে, এই ছবিত আনন্দ কুমাৰ নামৰ এগৰাকী গণিতৰ শিক্ষকৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব অভিনেতাগৰাকীক ৷ টুইটাৰযোগে শ্বেয়াৰ কৰা এই ফটোত অভিনেতাগৰাকীয়ে 30 গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে একেলগে প'জ দি থকা পৰিলক্ষিত হৈছে ৷ চলিত বৰ্ষৰ 12 জুলাইত মুক্তি লাভ কৰিব লগীয়া ছবিখনক লৈ যথেষ্ট আশাবাদী বলিউড অনুৰাগীসকল ৷

আৰু পঢ়কঃ 'ইনচাল্লাহ'ত চলমানখানৰ বিপৰীতে আলিয়া ভাট

ABOUT THE AUTHOR

...view details