চিটাৰা নিউজ, 23 অক্টোবৰ : অভিনেতা ঋত্বিক ৰোশনৰ মাতৃ পিনি ৰোশন শেহতীয়াকৈ ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ স্বামী ৰাকেশ ৰোশনে প্ৰকাশ কৰিছে তথ্য ৷
জানিব দিয়া অনুসৰি, এক সপ্তাহৰ আগতে 67 বছৰীয়া পিনি ৰোশনে ক'ভিড-19 ৰ পৰীক্ষণ কৰিছিল আৰু তেতিয়াই তেওঁ ক'ভিড-19 ত আক্ৰান্ত হোৱা বুলি জানিব পাৰিছিল ৷ স্বামীয়ে শেহতীয়াকৈ PTI ক জনোৱা অনুসৰি, তেওঁ বৰ্তমান হোম কোৱাৰেন্টাইন হৈ আছে ৷