চিটাৰা ডেস্ক,১৩ মাৰ্চ: বলীউডৰ ছুপাৰষ্টাৰ ঋত্বিক ৰোছনৰ প্ৰাক্তন পত্নী ছুজেন খানে আকৌ এবাৰ প্ৰেমৰ বান্ধোনেৰে বান্ধ খোৱাৰ মন মেলিছে । এক সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি বৰ্তমান টেলিভিছনৰ ধাৰাবাহিকৰ অভিনেতা আৰ্ছলান গ'নিৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছে ছুজেনৰ । ২০১৪ চনত ঋত্বিক ৰোছনৰ সৈতে বিবাহ বিচ্ছেদ ঘটাৰ পিছত বন্ধুৰ জৰিয়তে ছুজেনে আৰ্ছলান গ'নিক লগ পাইছিল ।
লক ডাউনৰ সময়ত পুত্ৰ ঋহান আৰু ঋধানৰ চোৱা-চিতাৰ বাবে যেতিয়া ছুজেনে ঋত্বিকৰ সৈতে থাকিবলৈ লৈছিল ৷ তেতিয়া অনুৰাগীসকলে ভাবিছিল যে, ছুজেন-ঋত্বিকৰ মাজত ব্যৱধান দূৰ হৈছে । অৱশ্যে, আৰ্ছলানৰ সৈতে শেহতীয়া ডেটিঙৰ উৰা বাতৰিয়ে ছুজেন-ঋত্বিকৰ মাজৰ সম্পৰ্ক পুনৰ আগৰ দৰে নোহোৱাকে সূচাইছে । ৱেবলয়ডত প্ৰকাশিত তথ্য অনুসৰি, ছুজেনে 'জিয়া অউৰ জিয়া' ধাৰাবাহিকৰ অভিনেতা আৰ্ছলান গ'নিৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছে ।