অসম

assam

ETV Bharat / sitara

Hrithik Deepika film together: শ্বাহৰুখৰ কাৰণে পিছুওৱা হ’ল হৃত্বিক-দীপিকা অভিনীত ফাইটাৰৰ মুক্তিৰ তাৰিখ - হৃত্বিক ৰোশন দীপিকা পাডুকনৰ প্ৰথম ছবি

নিৰ্মাতাই ঘোষণা কৰিলে ফাইটাৰ ছবিৰ নতুন মুক্তিৰ তাৰিখ ৷ শ্বাহৰুখ খানৰ বাবে তাৰিখ পিছুৱালে ছবিখনৰ নিৰ্মাতাই ৷ 2023 বৰ্ষৰ 28 ছেপ্তেম্বৰত মুক্তি লাভ কৰিব হৃত্বিক আৰু দীপিকাই অভিনয় কৰা ছবিখনে (Hrithik Deepika film together) ৷

Fighter
পিছুওৱা হ’ল হৃত্বিক-দীপিকা অভিনীত ফাইটাৰৰ মুক্তিৰ তাৰিখ

By

Published : Mar 11, 2022, 9:35 PM IST

চিটাৰা ডেস্ক, 11 মাৰ্চ :ভিয়াকম18 ষ্টুডিঅ’জে বৃহস্পতিবাৰে ঘোষণা কৰিলে আহিবলগীয়া ছবি ফাইটাৰৰ মুক্তিৰ তাৰিখ ৷ দীপিকা পাডুকন আৰু হৃত্বিক ৰোছনে অভিনয় কৰা ছবিখনে আগন্তুক বৰ্ষৰ 28 ছেপ্তেম্বৰত মুক্তি লাভ কৰিব (Hrithik Deepika film together) ৷ ছবিখনৰ প্ৰডাকছন বেনাৰে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিলে মুক্তিৰ নতুন তাৰিখ ৷

ফাইটাৰ ছবিখন নিৰ্দেশনা কৰিছে সিদ্ধাৰ্থ আনন্দে ৷ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এইখন প্ৰথম এৰিয়েল এক্সন ধৰ্মী ছবি ৷ ফাইটাৰ ছবিখন ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বীৰত্ব, ত্যাগ আৰু দেশপ্ৰেমৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নিৰ্মাণ কৰা হৈছে (patriotic movie by hrithik deepika) ৷

ফাইটাৰৰ নতুন মুক্তিৰ তাৰিখটো শ্বাহৰুখ খানৰ কাৰণেই লোৱা হ’ল বুলি অনুমান কৰিব পৰা গৈছে ৷ কিয়নো ফাইটাৰ মুক্তি হোৱাৰ কথা আছিল বহু প্ৰতীক্ষিত ছবি পাঠানৰ মুক্তিৰ পিছদিনা ৷ বহু সময়ৰ বিৰতিৰ মূৰত ৰূপালী পৰ্দালৈ উভতি অহা শ্বাহৰুখৰ পাঠানৰ বাবে অনুৰাগীসকল ৰৈ আছে অধীৰ আগ্ৰহেৰে ৷

ফাইটাৰ ছবিখনৰ নিৰ্মাতাসকলে এই কথালৈ লক্ষ্য ৰাখিয়েই পিছুৱালে মুক্তিৰ তাৰিখ ৷ পিছে আশ্চৰ্যকৰ বিষয়টো হ’ল যে সিদ্ধাৰ্থ আনন্দই নিৰ্দেশনা কৰিছে পাঠান ছবিখন ৷ পাঠানত শ্বাহৰুখৰ লগতে দীপিকা আৰু জন আব্ৰাহামকো দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক:America celebrating SSR: আমেৰিকাই পালন কৰি 'সুশান্ত মুন' দিৱস

ABOUT THE AUTHOR

...view details