চিটাৰা ডেস্ক,26 ফেব্ৰুৱাৰীঃঅভিনেতা ৰিতেশ দেশমুখে নিৰ্মাণ কৰিব তেওঁৰ পিতৃৰ বায়'পিক ৷ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিলাসৰাও দেশমুখৰ জীৱনৰ ওপৰত আধাৰ কৰি এখন ছবি নিৰ্মাণ কৰিব জনপ্ৰিয় অভিনেতা ৰিতেশ দেশমুখে ৷ তেওঁ মাত্ৰ এতিয়া এখন ভাল স্ক্ৰিপ্টৰ আশাত আছে যি দৰ্শকক মনোৰঞ্জন দিয়াৰ লগতে পিতৃৰ জীৱন যাত্ৰাক সঠিক ৰূপত দাঙি ধৰিব পাৰিব ৷
"এয়া এগৰাকী ব্যক্তিৰ চমৎকাৰী যাত্ৰা ৷ যি গ্ৰাম্য সভাৰ পৰা আৰম্ভ কৰি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈছে ৷ বহুবাৰ বহুজনে তেওঁৰ জীৱনৰ ওপৰত আধাৰ কৰি স্ক্ৰিপ্ট লিখিছে আৰু মোক সুধিছে ৷ কিন্তু ছবি নিৰ্মাণ কৰা কামটো ইমান সহজ নহয় ৷" শেহতীয়াকৈ এইদৰে ব্যক্ত কৰে অভিনেতাগৰাকীয়ে ৷
তেওঁ কয়, "যেতিয়া কোনো বিষয় আপোনাৰ হৃদয়ৰ খুবেই কাষৰ হয়, তেতিয়া পাহৰি যোৱা হয় নিৰপেক্ষতা ৷ ভাবি লওঁক যদি মই তেওঁৰ ওপৰত এখন ছবি বনাও তেতিয়া মানুহে ক'ব মই তেওঁৰ কেৱল ভাল দিশটোৱে ছবিখনত দেখুৱালো ৷ ইফালে যদি এই ছবিখন যদি আন কোনোবাই বনাই তেতিয়া হয়টো মই কম, তেওঁ এনেকুৱা নাছিল, তেওঁ এনেকুৱা ধৰণৰ কথা কোৱা নাছিল আৰু কম যে কিছুমান কথা তেওঁৰ জীৱনত হোৱা নাছিল ৷ সেয়ে যদি ছবিখন নিৰ্মাণ হয় তেতিয়া এনেধৰণৰ মত বিভেদ হ'ব ৷"