অসম

assam

ETV Bharat / sitara

পুনৰ বিতৰ্কত হানী সিংঃ গোচৰ ৰুজু আৰক্ষীৰ - Indian Penal Code

হানী সিঙৰ গানৰ বিৰুদ্ধে মহিলাৰ সন্মান হানিৰ অভিযোগ ৷ ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ ৰাজ্যিক মহিলা আযোগৰ ৷ গোচৰ ৰুজু আৰক্ষীৰ ৷

হানী সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

By

Published : Jul 10, 2019, 10:57 AM IST

নতুন দিল্লী, 10 জুলাইঃ হানী সিং আৰু বিতৰ্ক দুয়ো যেন চিৰজীৱনৰ সংগী৷ এইবাৰ শিল্পীগৰাকীৰ নৱ মুক্তিপ্ৰাপ্ত গীত এটি সাঙুৰ খাইছে বিতৰ্কত৷ শিল্পীগৰাকীৰ "মখনা" শীৰ্ষক গীতটিত অশ্লীল সুৰ ব্যৱহৃত হোৱাৰ অভিযোগত গোচৰ ৰুজু কৰিছে পঞ্জাৱ আৰক্ষীয়ে৷ লক্ষীন্দৰ কুমাৰ নামৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত পঞ্জাৱৰ মাটাৱুৰ আৰক্ষী থানাই ভাৰতীয় দণ্ডবিধিৰ 294 আৰু 509 ধাৰা, তথ্য প্ৰযুক্তি আইন,2000 ৰ 67 ধাৰা আৰু মহিলাৰ অশ্লীল উপস্থাপন প্ৰতিৰোধী আইন,1986 ৰ 6নং ধাৰাৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰিছে৷ কিছুদিন পূৰ্বে "মখনা" গীতটোৰ সন্দৰ্ভত পঞ্জাৱ মহিলা আয়োগৰ সৰৱ সমালোচনাৰ সন্মুখীন হৈছিল ৰেপ্ শিল্পীগৰাকী৷গীতটোত ব্যৱহৃত সুৰ অশ্লীল আৰু মহিলাৰ উপস্থাপনৰ ক্ষেত্ৰত মৰ্য্যাদা হানি কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ঘটনাৰ সন্দৰ্ভত শিল্পীগৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ৰাজ্যিক মহিলা আয়োগে ৰাজ্য চৰকাৰ আৰু আৰক্ষী মহা প্ৰৱন্ধকলৈ পত্ৰ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে আয়োগৰ অধ্যক্ষা মণিষা গুলাটিয়ে৷ উল্লেখ্য যে ইযাৰ আগতেও নিজৰ গানৰ বাবে বিতৰ্কৰ সন্মুখীন হৈছে শিল্পীগৰাকী৷

ABOUT THE AUTHOR

...view details