চিটাৰা ডেস্ক, 29 ডিচেম্বৰ : বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী টুইংকল খান্নাৰ আজি জন্মদিন ৷ অভিনেত্ৰীৰ লগতে একেধাৰে এগৰাকী লেখক, স্তম্ভলেখক, ইণ্টেৰিঅ’ৰ ডিজাইনাৰ আৰু চলচিত্ৰ প্ৰযোজক হিচাপে আন আন পৰিচয়ৰেও খ্যাত বলীউডৰ খিলাড়ী অক্ষয় কুমাৰৰ পত্নী টুইংকল খান্না ৷
অক্ষয়ৰে বিয়াৰ পিছত বলীউডক বিদায় জনাই টুইংকলে সুন্দৰকৈ চলাই নিছে বৈবাহিক জীৱন ৷ বলীউড এৰাৰ সিদ্ধান্ত সম্পূৰ্ণই ব্যক্তিগত আছিল বুলি টুইংকলে পূৰ্বতেই প্ৰকাশ কৰিছিল ৷
আজি 47 বছৰত ভৰি দিলে লেখিকা টুইংকল খান্নাই ৷ দুটাকৈ সন্তানৰে সুখৰ সংসাৰ টুইংকলৰ ৷ 47 বছৰীয়া পত্নীৰ জন্মদিন উপলক্ষে অক্ষয়ে ইনষ্টাগ্ৰামত লিখিলে এনেদৰে, "With you by my side, even the blues are easy to take in my stride... Happy birthday Tina" ৷ দুটাকৈ Red Heart Emoji ৰে স্বামীৰ শুভেচ্ছাৰ উত্তৰ দিলে টুইংকলে ৷