চিটাৰা ডেস্ক,10 নৱেম্বৰঃঅভিনেতা অক্ষয় কুমাৰে শেহতীয়াকৈ অভিনয় কৰে 'ফিলহাল' শীৰ্ষক এটা মিউজিক ভিডিঅ'ত ৷ তেওঁৰ মতে, কিছুমান বস্তু মিউজিক ভিডিঅ'ৰ দ্বাৰাও ভালকৈ বৰ্ণনা কৰিব পাৰি ৷
অক্ষয় কুমাৰে কিয় কৰিব লগা হ'ল মিউজিক ভিডিঅ' ? - 'ফিলহাল'ত অক্ষয় কুমাৰ
প্ৰথমবাৰৰ বাবে অক্ষয় কুমাৰে অভিনয় কৰিলে এটা মিউজিক ভিডিঅ'ত ৷ কাৰণ তেওঁ ভাবে কিছুমান বস্তু বুজাতকৈ অনুভৱ কৰিবলৈ বেছি সহজ আৰু ভাল ৷
![অক্ষয় কুমাৰে কিয় কৰিব লগা হ'ল মিউজিক ভিডিঅ' ?](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5021488-thumbnail-3x2-a.jpg)
শনিবাৰে মুক্তি পোৱা 'ফিলহাল' শীৰ্ষক মিউজিক ভিডিঅ'ত অক্ষয় কুমাৰে অভিনয় কৰিছে কীৰ্তি সেননৰ ভগ্নী তথা নৱাগতা অভিনেত্ৰী নুপুৰ সেননৰ সৈতে ৷ বিৰহ সমৃদ্ধ ৰোমান্টিক গীতটোত ৰোমাঞ্চ কৰা দেখিবলৈ পোৱা গৈছে অভিনেতাগৰাকীক ৷ বি প্ৰাণে গোৱা এই গীতটো নিৰ্দেশনা কৰিছে অৰবিন্দ খেৰাই ৷ অৰবিন্দ খেৰাৰ দ্বাৰা নিৰ্দেশিত এই গীতটোত সঁচা প্ৰেম কাহিনী দৰ্শোৱা হৈছে , যি প্ৰেম কাহিনী অতি পৱিত্ৰ, নিস্বাৰ্থ কিন্তু আধৰুৱা ৰূপত প্ৰতিফলিত হৈছে ৷ উল্লেখনীয়ভাৱে এই মিউজিক ভিডিঅ'টো 24 ঘন্টাৰ ভিতৰতে 15 মিলিয়নতকৈও বেছি বাৰ দৰ্শন কৰিছে দৰ্শকে ৷