চিটাৰা ডেস্ক, ২২ ডিচেম্বৰ: পুনৰ টাইগাৰ আৰু জয়াৰ কাহিনী উপভোগ কৰিব পাৰিব দৰ্শকে । অহা বছৰৰ মাৰ্চ মাহৰ পৰা 'টাইগাৰ-৩'ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব বলীউড ছুপাৰষ্টাৰ ছলমান খান আৰু মোহময়ী অভিনেত্ৰী কেটৰীণা কাঈফে । বৰ্তমান 'অন্তিম' ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে ছলমান খান । অভিনেতাগৰাকীয়ে ইতিমধ্যে 'কিক-২' আৰু 'কভি ঈদ কভি দিৱালী' ছবিৰ দৃশ্যগ্ৰহণ শীঘ্ৰেই আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে ।
শেহতীয়া তথ্য অনুসৰি, ২০২১ চনৰ মাৰ্চ মাহৰ তৃতীয় সপ্তাহৰ পৰা 'টাইগাৰ-৩'ৰ দৃশ্যগ্ৰহণ কৰিব ছলমানে । মুম্বাইৰ পৰাই ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰাৰ সম্ভাৱনা আছে । ইয়াৰ পিছতে মধ্য-প্ৰাচ্যত দৃশ্যগ্ৰহণ কৰা হ'ব । টাইগাৰ ফেনচাইজিৰ আগন্তুক ছবিখনৰ বাবে পূৰ্বৰ ছবিকেইখনৰ তুলনাত অধিক বাজেট ধাৰ্য কৰা হৈছে ।