চিটাৰা ডেস্ক, 22 ফ্ৰেব্ৰুৱাৰী: বিজয় আৰু ৰশ্মিকাৰ বিয়াৰ বাতৰিয়ে গৰম কৰি ৰাখিছে চ’ছিয়েল মিডিয়া ৷ বিজয় ৰশ্মিকাৰ অনস্ক্ৰীণ কেমেষ্ট্ৰিয়ে ইতিমধ্যেই মোহিত কৰিছে সকলোকে ৷ দুয়োয়ে যুগ্ম জীৱনৰ পাতনি মেলাটো অৱশ্যে সৰহ সংখ্যক অনুৰাগীৰেই আশা ৷
বিয়া আৰু প্ৰেমৰ প্ৰসংগত সদায়ে মৌনতা অৱলম্বন কৰে তাৰকাদ্বয়ে ( Vijay Rashmika wedding) ৷ বহু সময় ধৰি তেওঁলোকৰ বিয়াৰ খবৰে সামাজিক মাধ্যমত চৰ্চা লাভ কৰি আহিছে যদিও দুয়োয়ে সদাই এৰাই চলে এই বিষয়টো ৷
ৰশ্মিকা মান্দানাৰে বিবাহৰ কথাত কি ক’লে বিজয় দেৱাৰাকোণ্ডাই? বিগত সপ্তাহত ৰশ্মিকা আৰু বিজয়ে এই বছৰতে বিয়া পাতিবই বুলি প্ৰচাৰ হোৱা বাতৰিটোৰ প্ৰসংগত অৱশেষত মুখ খুলিলে বিজয়ে ( Vijay Deverakonda marrying Rashmika in 2022) ৷ এটা পোষ্টৰ জৰিয়তে সকলো উৎকণ্ঠাৰ ওৰ পেলালে এইজন অভিনেতাই ৷
সোমবাৰে বিজয়ে নিজৰ টুইটাৰৰ জৰিয়তে বিজয় দেৱাৰাকোণ্ডাই বিয়াৰ উৰাবাতৰিটোৰ প্ৰসংগত লিখিলে, ‘এচ ইউজুৱেল ননচেন্স... ড’ণ্ট ৱি জাষ্ট ❤️ডা নিউজ !’
গীতা গোবিন্দম আৰু ডিয়েৰ কমৰেডৰ দৰে ছবিত একেলগে অভিনয় কৰা ৰশ্মিকা মান্দানা আৰু বিজয় দেৱাৰাকোণ্ডাৰ প্ৰেমৰ বাতৰিয়ে সময়ে সময়ে বাতৰিৰ শিৰোনামা দখল কৰি আহিছে ৷ অৱশ্য়ে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছে যদিও আজিলৈকে মুকলিকৈ প্ৰকাশ কৰা নাই এজনেও ৷
কৰ্মক্ষেত্ৰত,শীঘ্ৰেই বলীউডত ভূমূকি মাৰিব দুয়োয়ে । অনন্যা পাণ্ডেৰ সৈতে যুঁটি বান্ধিছে বিজয়ে ৷ আনহাতে ৰশ্মিকাক দেখা পোৱা যাব সিদ্ধাৰ্থ মালহোত্ৰাৰ বিপৰীতে ৷
লগতে পঢ়ক:বিগ বিৰ সান্নিধ্যই মুহিছে প্ৰভাসক, খুৱালে ঘৰত ৰন্ধা ব্যঞ্জন