অসম

assam

ETV Bharat / sitara

জেনেলিয়াৰ জন্মদিনটো ৰিতেশ দেশমুখে বাৰু কি ধৰণে কৰিলে বিশেষ ! - ইনষ্টাগ্ৰামৰ প'ষ্ট

বুধবাৰে দুয়োৰে এখন আকৰ্ষণীয় ছবি প্ৰকাশৰ লগতে এটা সুন্দৰ বাৰ্তাৰে অভিনেত্ৰী জেনিলিয়া দেশমুখক জন্ম দিনৰ উপহাৰ দিলে অভিনেতা ৰিতেশ দেশমুখে ।

Here's how Riteish Deshmukh made Genelia Deshmukh's b'day special
জেনেলিয়াৰ জন্মদিনটো ৰিতেশ দেশমুখে বাৰু কি ধৰণে কৰিলে বিশেষ !

By

Published : Aug 6, 2020, 12:47 AM IST

নিউজ ডেস্ক,৫ আগষ্ট: অভিনেত্ৰী জেনেলিয়া দেশমুখক জন্ম দিনৰ শুভেচ্ছা জ্ঞাপনৰ উদ্দেশ্যে এই বিশেষ দিনটোত স্বামী ৰিতেশ দেশমুখে ইনষ্টাগ্ৰামত কৰিলে এটা সুন্দৰ প'ষ্ট ।

তুমি মোৰ এগৰাকী সঁচা বান্ধৱী,মোৰ চিৰ দিনৰ এটা হাঁহি,মোৰ অপৰাধৰ অংশীদাৰ,মোৰ সুখ,মোৰ পথ প্ৰদৰ্শক,মোৰ উৎসাহ,মোৰ উত্তেজনা,মোৰ পোহৰ,মোৰ জীৱন,মোৰ সকলো । "Wishing you a very happy Birthday Baiko - growing young with you is a blessing. @geneliad #HappyBirthdayGenelia" পত্নী জেনেলিয়ালৈ বুলি ৰিতেশে ইনষ্টাগ্ৰামত এইদৰে কৰিলে এটা প'ষ্ট ।

লগতে ৰিতেশে জেনেলিয়াৰ কপালত চুম্বন কৰি থকা এটি মুহুৰ্তৰ এখন ফটো তুলি ধৰিলে ইনষ্টাগ্ৰামৰ প'ষ্টটোত ।

ইনষ্টাগ্ৰামৰ সেই বিশেষ প'ষ্টটোতে উত্তৰ দি জেনেলিয়াই লিখিলে এই ধৰণে,"To us, to our flaws,to our weaknesses, to our strengths, to our happiness...I need you to be me. Love you forever always."

উল্লেখ্য যে,ৰিতেশ আৰু জেনেলিয়া ২০১২ চনত বিবাহ পাশত আবদ্ধ হৈছিল । বৰ্তমান দুয়ো দুটি সন্তানৰ পিতৃ মাতৃ ।

ABOUT THE AUTHOR

...view details