অসম

assam

By

Published : Jul 13, 2020, 12:43 AM IST

ETV Bharat / sitara

শাৰীৰিক অসুস্থতাক লৈ প্ৰচাৰ হোৱা ভুৱা বাতৰি সম্পৰ্কে প্ৰতিক্ৰিয়া হেমা মালিনীৰ

চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা ভুৱা প্ৰচাৰক লৈ বলিউডৰ অভিনেত্ৰী হেমা মালিনীয়ে কয় যে, তেওঁ ভগৱানৰ কৃপাত সম্পূৰ্ণ সুস্থ হৈ আছে ৷

ভুৱা বাতৰিত প্ৰতিক্ৰিয়া হেমা মালিনীৰ
ভুৱা বাতৰিত প্ৰতিক্ৰিয়া হেমা মালিনীৰ

চিটাৰা ডেস্ক, 12 জুলাই : বলিউডৰ ‘ড্ৰিম গাৰ্ল’ খ্যাত অভিনেত্ৰী তথা বিজেপি সাংসদ হেমা মালিনীক লৈ চ'ছিয়েল মিডিয়াত চলা ভুৱা প্ৰচাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অভিনেত্ৰীগৰাকীৰ ৷ চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা খবৰ অনুসৰি, তেওঁ অসুস্থ অৱস্থাত আছে আৰু তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷ অভিনেত্ৰীগৰাকীয়ে চ’ছিয়েল মিডিয়া একাউণ্টযোগে এই ভুৱা প্ৰচাৰৰ কথা উনুকিয়াই দিয়ে ৷

এই প্ৰচাৰক সকলোৱে তেওঁক লৈ কৰা ‘চিন্তা’ বুলি সকলোকে ধন্যবাদ জ্ঞাপন কৰে অভিনেত্ৰীগৰাকীয়ে ৷ আনহাতে, সাংসদগৰাকীৰ কন্যা ইষা দেউল তৎখানীয়েও টুইটাৰযোগে মাকৰ সুস্থ শৰীৰৰ কথা অৱগত কৰে আৰু ভুৱা প্ৰচাৰ নচলাবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : হাস্পতালৰ পৰা কি ক'লে অমিতাভ বচ্চনে ?

ABOUT THE AUTHOR

...view details