অসম

assam

ETV Bharat / sitara

চপ্পকলৈ বিশেষ নিৰ্দেশনা দিল্লী উচ্চ ন্যায়ালয়ৰ - high court order

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি চপ্পকত ক্ৰেডিট পাব লাগে অধিবক্তা অৰ্পণা ভাটে ৷ এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালাৰ ঘটনাত আদালতত প্ৰতিনিধিত্ব কৰিছিল অধিবক্তাগৰাকীয়ে ৷ ন্যায়াধীশ প্ৰতিভা এম সিঙৰ ৰায়, ছবিখনত সন্নিৱিষ্ট হ'ব লাগিব অধিবক্তাগৰাকীৰ নাম ৷অন্যথা 15 তাৰিখৰ ভিতৰত মাল্টিপ্লেক্স আৰু লাইভ স্ক্ৰীণত বন্ধ কৰা ছবিখনৰ প্ৰদৰ্শনী ৷

HC directs makers of 'Chhapaak' to give credit to acid attack survivor's lawyer
চপ্পকলৈ বিশেষ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

By

Published : Jan 11, 2020, 3:56 PM IST

Updated : Jan 11, 2020, 4:06 PM IST

চিটাৰা ডেস্ক,11 জানুৱাৰীঃদীপিকা পাডুকন অভিনীত চপ্পক ছবিৰ নিৰ্মাতালৈ বিশেষ নিৰ্দেশনা দিল্লী উচ্চ ন্যায়ালয়ৰ ৷ শেহতীয়াকৈ, অধিবক্তা অৰ্পণা ভাটক ছবিখনত সম্পূৰ্ণ ক্ৰেডিট দিবলৈ নিৰ্দেশনা প্ৰদান কৰে ন্যায়াধীশ প্ৰতিভা এম সিঙে ৷ অন্যথা 15 তাৰিখৰ ভিতৰত মাল্টিপ্লেক্স আৰু লাইভ স্ক্ৰীণত বন্ধ কৰা হ'ব ছবিখনৰ প্ৰদৰ্শনী ৷

শুকুৰবাৰে মুক্তি পোৱা ছবিখন ইতিমধ্যে বহুল ৰূপত চৰ্চিত হৈছে সমগ্ৰ দেশত ৷ এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালাৰ ওপৰত নিৰ্মিত ছবিখনত লক্ষ্মীৰ অধিবক্তাগৰাকীয়ে কোনোধৰণৰ ক্ৰেডিট নোপোৱাৰ বাবে গোচৰ ৰুজু কৰিছিল ছবি নিৰ্মাতাৰ ওপৰত ৷

আদালতত অৰ্পণা ভাটে জনোৱা অনুসৰি, বহু বছৰ ধৰি অৰ্পণাই লক্ষ্মী আগৰাৱালাৰ ঘটনাটোৰ প্ৰতিনিধিত্ব কৰি যথেষ্ট যুঁজ দিছিল ৷ কেৱল সেয়াই নহয় চপ্পক ছবিখন নিৰ্মাণৰ ক্ষেত্ৰটো তেওঁ যথেষ্ট সহায় কৰাৰ পিছতো ছবি নিৰ্মাতাই তেওঁক কোনোধৰণৰ ক্ৰেডিট দিয়া নাই ছবিখনত ৷

লগতে পঢ়কঃআইফা এৱাৰ্ডত সন্মানিত হ'ব দীপিকা পাডুকন

Last Updated : Jan 11, 2020, 4:06 PM IST

ABOUT THE AUTHOR

...view details