অসম

assam

ETV Bharat / sitara

জন্মদিন বিশেষ : নিজৰ চৰ্তৰে জীৱন-যাপনৰ অন্য এটি নাম ‘সুস্মিতা সেন’ - সুস্মিতা সেনৰ জন্মদিন

1975 চনৰ আজিৰ দিনটোতেই হায়দৰাবাদৰ এক বঙালী সম্প্ৰদায়ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সুস্মিতা সেনে ৷ আজি 45 বছৰ বয়সত ভৰি দিলে এই গৰাকী মিছ ইউনিভাৰ্ছে ৷

sushmita sen birthday
সুস্মিতা সেনৰ জন্মদিন

By

Published : Nov 19, 2020, 1:33 PM IST

চিটাৰা ডেস্ক,19 নৱেম্বৰ : ব্যক্তিত্বময়ী, আত্মবিশ্বাসী আৰু স্বাধীনতাৰে জীৱনটো গঢ় দিয়া এগৰাকী সুন্দৰী অভিনেত্ৰী হৈছে সুস্মিতা সেন ৷ নিজৰ চৰ্তানুসাৰে জীৱনটো সুন্দৰভাৱে সজাই তুলিছে সুস্মিতাই ৷ প্ৰথম ভাৰতীয় ‘মিছ ইউনিভাৰ্ছ’ খিতাপ অৰ্জন কৰা তথা বিশ্ব সুন্দৰী সুস্মিতা সেনে আজি 45 বছৰ বয়সত ভৰি দিলে ৷ নিজৰ ভাৰ্চেটাইল অভিনয়ৰে বলিউডত স্থান দখল কৰা সুস্মিতা এগৰাকী তীক্ষ্ণ বুদ্ধিৰ মহিলা ৷

‘মিছ ইউনিভাৰ্ছ’ সুস্মিতা

মাত্ৰ 18 বছৰ বয়সতেই ‘মিছ ইউনিভাৰ্ছ’ খিতাপ লাভ কৰিছিল এইগৰাকী সুন্দৰীয়ে ৷ 1996 চনত ‘দস্তক’ ছবিখনেৰে বলিউড জগতত খোজ দিছিল সুস্মিতাই ৷ ইয়াৰ পৰৱৰ্তী সময়ত ‘চিৰ্ফ তুম’, ‘বিবি নম্বৰ-1’, ‘আঁখে’, ‘ম্য়ে হুঁ না’, ‘মেইনে প্য়াৰ ক্যু কিয়া’ আছি ছবিত নিজৰ সফল অভিনয়ৰে তেওঁৰ ছবিপ্ৰেমীক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয় ৷

সুস্মিতাৰ দস্তক

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত শেহতীয়াকৈ এক্সন-লাভ-থ্ৰীলাৰ ‘আৰ্য়া’ নামৰ ৱেব চিৰিজৰ সৈতে পুনৰ স্ক্ৰীণলৈ উভতে সুস্মিতাই ৷ সুস্মিতাৰ শক্তিশালী অভিনয়ে আৰ্য়াক দৰ্শকৰ মাজত অধিক জনপ্ৰিয় কৰি তোলে ৷

সুস্মিতা সেন আৰু ৰহমান শ্বল

ব্যক্তিগত জীৱনৰ কথা ক’বলৈ গ’লে 17 বছৰ সৰু প্ৰেমিক ৰহমান শ্বলৰ সৈতে প্ৰেমৰ সম্পৰ্ক গোপনে ৰখাৰ পাচত বৰ্তমান দুয়োৰে সম্পৰ্ক ফাদিল হয় ৷ চ’ছিয়েল মিডিয়াযোগে ৰহমান-সুস্মিতাই প্ৰায় ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰা পৰিলক্ষিত হয় ৷ সুস্মিতাৰ দুগৰাকী কন্যা ৰিণী আৰু আলিচাৰে সৈতে তেওঁ এক সুখী জীৱন অতিবাহিত কৰি আছে ৷

সুস্মিতা সেনৰ পৰিয়াল

ইটিভি ভাৰত চিটাৰা তৰফৰ পৰা বিশ্ব সুন্দৰী সুস্মিতা সেনলৈ জন্মদিনৰ অলেখ শুভকামনা ৷

লগতে পঢ়ক :ZEE5 India ৰ চিইঅ' তৰুণ কাটিয়ালৰ পদত্যাগ

ABOUT THE AUTHOR

...view details