চিটাৰা ডেস্ক,13 নৱেম্বৰ : 1984 চনত ‘মিছ ইণ্ডিয়া’ খিতাপ লাভ কৰাৰ পাচত 1986 চনত ‘চল্টনট’ ছবিৰ যোগেদি বলিউডত ভুমুকি মৰা অভিনেত্ৰী জুহী চাউলাৰ আজি 53 সংখ্যক জন্ম বাৰ্ষিকী ৷
90ৰ দশকৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী জুহী চাউলা আজিও সকলোৰে মৰমৰ এগৰাকী অভিনেত্ৰী হিচাপে পৰিচিত ৷ অৱশ্য়ে চল্টনট ছবিখনে বক্স অ’ফিচত বিশেষ সফলতা লাভ নকৰিলে যদিও জুহীৰ অভিনয়ে দৰ্শকক মোহিত কৰে ৷
মিছ ইণ্ডিয়াৰ খিতাপ লাভ কৰাৰ পাচত যেতিয়া জুহীয়ে বলিউডত খোজ দিছিল,সেই সময়ছোৱাত প্ৰয়াত মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ অধিক চৰ্চা চলিছিল ৷ মাধুৰী দীক্ষিত,কৰিশ্মা কাপুৰ আৰু কাজলৰ সৈতে প্ৰতিযোগিতাৰে জুহীয়ে বলিউডত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হয় ৷
চল্টনটৰ পাচত 1988 চনত মুক্তিলাভ কৰা ‘কয়ামত চে কয়ামত তক’ ছবিখন জুহী চাউলাৰ টাৰ্নিং পইণ্ট বুলি ক’ব পাৰি ৷ ইয়াৰ লগে লগে পিছলৈ ঘূৰি নাচাই ৰূপালী পৰ্দাত নিজৰ জলৱা দেখুৱায় অভিনেত্ৰী জুহীয়ে ৷
জুহীৰ প্ৰশংসনীয় ফিল্মোগ্ৰাফীয়ে হিন্দী চিনেমাক সফল কৰি তুলিবলৈ সক্ষম হয় ৷ তেওঁৰ বিখ্য়াত অভিনয়ৰ বাবে দুটা ফিল্মফেয়াৰ বঁটাৰ সৈতে বহু পুৰস্কাৰেৰে সন্মানিত হয় জুহী চাউলা ৷
তেওঁৰ জীৱনত সকলোবোৰ যেন হঠাৎ হৈছে ৷ অৱশ্য়ে কষ্ট আৰু পৰিশ্ৰমৰ মাজেৰেহে জীৱনত সফলতা অৰ্জন কৰিব পাৰি বুলি তেওঁ জ্ঞাত আছিল ৷ এক বাৰ্তালাপযোগে জুহীয়ে এই কথা প্ৰকাশ কৰে ৷
জুহীয়ে স্পষ্টৰূপে জানিছিল যে দৰ্শক তথা অনুৰাগীসকলে তেওঁক বহু মৰম কৰে ৷ জীৱনত কি ভুল কৰিছে আৰু এই ভুল কেনেদৰে শুধৰাব পৰা যায়,সেই সম্পৰ্কে ধাৰণা থকা এগৰাকী মহিলা হৈছে জুহী চাউলা ৷