চিটাৰা ডেস্ক, ১ জানুৱাৰী: নৱবৰ্ষৰ প্ৰাক-ক্ষণৰ পৰাই বিদেশ ভ্ৰমণৰ বাবে ঢাপলি মেলিছে বলীউডৰ বহু তাৰকা । শেহতীয়াকৈ '৮৩' শীৰ্ষক ছবি খনৰ মুক্তিৰ পাচতে বলীউড অভিনেতা ৰণবীৰ সিং আৰু দীপিকা পাডুকণো মালদ্বীপলৈ গৈছে(Ranveer and deepika in Maldives) । ছবিখনৰ দৃশ্যগ্ৰহণ, প্ৰমোচনকে ধৰি বহু দিন ধৰি ব্যস্ত হৈ থকাৰ পাচত কিছু সময় আনন্দেৰে কটাবলৈ মালদ্বীপলৈ গৈছে ৰণবীৰ আৰু দীপিকা । কিন্তু দুয়োৰে এটা সৰু ভিডিঅ' ক্লিপে এতিয়া আমোদ দিছে অনুৰাগীসকলক ।
ৰণবীৰে শুকুৰবাৰে ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰিছে তেওঁলোকে আহাৰ গ্ৰহণ কৰি থকা সময়ৰ এই ভিডিঅ'টো আৰু সকলোকে তেওঁ নৱবৰ্ষৰ শুভেচ্ছা জনাইছে(Ranveer shared Deepika padukone's funny video) । ভিডিঅ'টোত দেখা গৈছে যে, দীপিকাই আহাৰ গ্ৰহণ কৰি আছে আৰু ৰণবীৰে দীপিকাক প্ৰশ্ন কৰিছে যে, তেওঁ আনন্দ পাইছেনে নাই । ৰণবীৰৰ প্ৰশ্নৰ উত্তৰত দীপিকাই কয় যে, "আমি ইয়ালৈ আনন্দ কৰিবলৈয়ে আহিছো আৰু নহ'লে কি কৰিবলৈ আহিছো" । শেহতীয়াকৈ মুক্তি লাভ কৰা দুয়োৰে ছবি '৮৩'ত কপিল দেৱৰ চৰিত্ৰ ৰূপায়ণ কৰা ৰণবীৰে সিঙে কোৱা ডায়লগৰ দৰে একে সুৰতে উত্তৰ দিলে দীপিকাই ।