চিটাৰা ডেস্ক, 11 আগষ্ট : 1961 চনৰ 11 আগষ্টত মাংগালোৰৰ মুল্কীত এটি মাংগালোৰীয়ান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল অভিনেতা সুনীল ছেট্টী(Sunil Shetty) ৷ অভিনয়ৰ উপৰিও চলচ্চিত্ৰ প্ৰযোজনা, ক্ৰীড়া আৰু ব্যৱসায়ৰ সৈতেও জড়িত হৈ আছে অভিনেতাগৰাকী ৷ 1992 চনত প্ৰয়াত অভিনেত্ৰী দিব্যা ভাৰতী(Divya Bharti)ৰ বিপৰীতে ‘Balwaan’ ছবিখনৰ দ্বাৰা বলীউডত(Bollywood) আত্মপ্ৰকাশ ঘটিছিল সুনীল ছেট্টীৰ ৷
60 সংখ্যক জন্মদিনৰ শুভক্ষণত আহক জুকিয়াই চাও অভিনেতাগৰাকীৰ কেইটামান শ্ৰেষ্ঠ চৰিত্ৰ...
1. Balwaan (1992) : ছবিখনে বলীউডত এগৰাকী এক্সন হিৰ’ হিচাপে পৰিচয় কৰায় সুনীল ছেট্টীক ৷ দীপক আনন্দৰ দ্বাৰা পৰিচালিত এই ছবিখন ছেট্টীৰ প্ৰথমখন হিন্দী চলচ্চিত্ৰ আছিল । প্ৰথমখন ছবিৰে ‘শ্যাম’ চৰিত্ৰটো ৰূপায়ণ কৰি দৰ্শকক মুগ্ধ কৰিবলৈ সক্ষম হৈছিল অভিনেতাগৰাকীয়ে ।
2. Gopi Kishan (1994) : এই ছবিখনত ডাবল ৰোল (Double Role)ৰ ভূমিকা ৰূপায়ণ কৰিছিল অভিনেতাগৰাকীয়ে ৷ চৰিত্ৰ দুটাৰ নাম আছিল হাৱলদাৰ গোপীনাথ আৰু কিষণ ৷
3. Mohra (1994) : সুনীল ছেট্টীৰ এই ছবিখনৰ ‘Tu Cheez Badi Hai Mast Mast’ শীৰ্ষক গীতটিয়ে অধিক জনপ্ৰিয়তা লাভ কৰিছিল ৷
4. Border (1997) : ভাৰতীয় সৈন্যসকলৰ সংগ্ৰাম, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ প্ৰতীক এই ছবিখনত এজন ভাৰতীয় সৈনিকৰ ভূমিকা ৰূপায়ণ কৰিছিল অভিনেতাগৰাকীয়ে ৷ ছবিখনে পৰিচালক জে পি দত্তৰ এখন আইক’নিক চলচ্চিত্ৰ হিচাপে স্বীকৃতি লাভ কৰে ।