নিউজ ডেস্ক, 14 আগষ্ট :সুৰৰ যাদুৰে শ্ৰোতাক মোহাছন্ন কৰি ৰাখিব পৰা সুনিধি চৌহানৰ আজি জন্মদিন ৷ দেশৰ প্লে-বেক ছিংগাৰ হিচাপে খ্যাতি অৰ্জন সুনিধি চৌহানে জন্মগ্ৰহণ কৰিছিল ৰাজধানী চহৰ দিল্লীত ৷ প্ৰায় 4 বছৰ বয়সৰ পৰাই গীত গাবলৈ আৰম্ভ কৰিছিল সুনিধিয়ে ৷
আনুষ্ঠানিকভাৱে 12 বছৰ বয়সৰ পৰা সংগীত ক্ষেত্ৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে গায়িকাগৰাকী ৷ 1983 চনত জন্ম লাভ কৰা সুনিধিয়ে ইতিমধ্যে আৰ ডি বৰ্মন বঁটা, ফিল্মফেয়াৰকে ধৰি কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ বলীউডত দপদপাই থকা গায়িকগৰাকীয়ে হিন্দীৰ উপৰিও অসমীয়া, ওড়িশা, তামিল, তেলেগু, বাংলা, নেপালী, উৰ্দুকে ধৰি ভালেমান অন্য ভাষাত গীত গাই শ্ৰোতা-দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে ৷