নিউজ ডেস্ক, 18 ছেপ্তেম্বৰ :বলীউডৰ জ্যেষ্ঠ অভিনেত্ৰী বুলি ক’লে সততে মনলৈ অহা এগৰাকী অভিনেত্ৰী হৈছে শ্বাবানা আজমী ৷ বৰ্ষীয়ান অভিনেত্ৰীগৰাকীয়ে 1950 চনৰ 18 ছেপ্তেম্বৰত হায়দৰাবাদত জন্মগ্ৰহণ কৰিছিল ৷ বলীউডত অভিনেত্ৰীগৰাকীয়ে এক সুকীয়া স্থান দখল কৰি থৈছে ৷ বহুকেইখন হিন্দী চিনেমা, দুৰদৰ্শনত কৰা অভিনয়ৰ বাবে শ্বাবানা আজমীয়ে অভিলেখসংখ্যক পাঁচবাৰকৈ national film awards আৰু ফিল্মফেয়াৰ এৱাৰ্ডছ লাভ কৰিবলৈ সক্ষম হৈছিল ৷
অভিনয়ৰ সমানে ব্যক্তিগত জীৱনৰ বাবেও সেই সময়ত চৰ্চাত আছিল আজমী ৷ পিতৃ পৰিয়ালে সমৰ্থন নকৰাৰ পিছতো আজমীয়ে নিজতকৈ দহ বছৰৰ জ্যেষ্ঠ শিল্পী, গীতিকাৰ তথা সংগীত পৰিচালক জাভেদ আখতাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷ উল্লেখ্য যে, জাভেদ আখতাৰ পূৰ্বৰ পত্নীৰ ফালৰ পৰা দুটি সন্তানৰ পিতৃ আছিল ৷
লগতে পঢ়ক :বিশাল ভৰদ্বাজৰ স্পাই থ্ৰীলাৰ ছবি Khufiya ত দেখা যাব টাবুক
জাভেদ আখতাৰৰ সৈতে প্ৰথম সাক্ষাৎ