অসম

assam

ETV Bharat / sitara

Birthday Special : ব্যস্ততাৰ মাজতো চাৰা আলী খানৰ 5 টা বিশেষ পছন্দৰ কাম - চাৰা আলী খানৰ ছবি

26 বছৰত ভৰি দিলে নৱাব কন্যা, অভিনেত্ৰী চাৰা আলী খানে(Sara Ali Khan) ৷ ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰা চাৰাৰ 5 টা বিশেষ মূহুৰ্তই তেওঁক অন্য বলীউড তাৰকাতকৈ পৃথক কৰি তোলে ৷ আহক সঘনাই শ্বেয়াৰ কৰা চাৰাৰ এই বিশেষ মূহুৰ্ত বা পছন্দৰ কামকেইটা জুকিয়াই চাও...

sara ali khan birthday
চাৰা আলী খানৰ জন্মদিন

By

Published : Aug 12, 2021, 7:57 AM IST

চিটাৰা ডেস্ক, 12 আগষ্ট : বলীউডৰ অভিনেতা চেইফ আলী খান (Saif Ali Khan)ৰ জ্যেষ্ঠ সন্তান অভিনেত্ৰী চাৰা আলী খান (Sara Ali Khan) সম্প্ৰতি বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীসমূহৰ ভিতৰত অন্যতম ৷ আজি 26 বছৰত ভৰি দিলে চাৰা আলী খানে ৷ 2018 চনত ‘কেদাৰনাথ’(Kedarnath) ছবিখনেৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল চাৰাই ৷

চাৰা আলী খানৰ জন্মদিন

কেৰিয়াৰৰ 3 টা বছৰৰ ব্যৱধানত বৰ্তমানলৈকে 5 খন ছবিত কাম কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ চাৰা অভিনীত 5 খন ছবিৰ 4 খনেই বক্স অ’ফিচ (Box Office)ত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ অতি কম সময়ৰ ভিতৰতে চাৰাই ‘শ্ৰেষ্ঠ অভিনেত্ৰী’ৰ শিতানত ফিল্মফেয়াৰ বঁটা(Filmfare Awards), আইফা বঁটা(IIFA Awards)কে ধৰি বহুকেইটা চলচ্চিত্ৰ বঁটা আজুৰি আনিছে ।

ইয়াৰ বাহিৰেও ফেশ্বন(Fashion)ৰ জগতখনতো চাৰা সক্ৰিয় থকা পৰিলক্ষিত হয় ৷ এই সকলোবোৰৰ পৰা আঁতৰি চাৰাৰ 5 টা বিশেষ কাম বা অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰা পছন্দৰ কাম বা মূহুৰ্তই আনতকৈ পৃথক কৰি তোলে অভিনেত্ৰীগৰাকীক ৷ আহক সঘনাই দেখা পোৱা চাৰাৰ সেই বিশেষ মূহুৰ্তকেইটাৰ বিষয়ে আলোচনা কৰো-

1. নমস্তে দৰ্শকো(Namaste Darshako) : ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰা এই বিশেষ বাৰ্তালাপে চাৰাক আন বলীউড তাৰকাতকৈ পৃথক কৰি তোলে ৷ এয়া হৈছে তেওঁৰ হিন্দীত সাৱলীল কথোপকথন । নমস্তে দৰ্শকোৰে আৰম্ভ কৰা এই ভিডিঅ’সমূহত চাৰাই শুদ্ধভাৱে হিন্দী ভাষা কোৱা পৰিলক্ষিত হয় ৷ শুদ্ধ হিন্দী কোৱাত বিশেষভাৱে সহায় কৰা লোকজন কোন আপুনি জানেনে? চাৰাৰ প্ৰথম সহ অভিনেতা প্ৰয়াত সুশান্ত সিং ৰাজপুত(Sushant Singh Rajput) ৷ সুশান্তে চাৰাক প্ৰথমবাৰ লগ পাওতে চাৰাৰ হিন্দী স্পষ্ট নহয় বুলি কৈছিল ৷ ইয়াৰ পাচতে সুশান্তে চাৰাক শুদ্ধ হিন্দী শিকোৱা বুলি চাৰাই জানিবলৈ দিয়ে ৷

2. আত্মবিশ্বাস শীৰ্ষত(Confidence at its peak) : চাৰা এনে এগৰাকী অভিনেত্ৰী, যিয়ে কেতিয়াও নিজৰ আত্মসন্মানত আঘাত পাবলৈ নিদিয়ে । চাৰিখন চলচ্চিত্ৰত সফলতা অৰ্জন কৰা চাৰাই অনুৰাগীসকলক তেওঁৰ অভিনয়ৰ দক্ষতাৰে মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছে ৷

3. চাৰাৰ শ্বায়েৰী(Sara Ki Shayari) : চাৰাৰ অন্য এক গুণে অনুৰাগীসকলক অধিক প্ৰভাৱিত কৰে ৷ সেয়া হ’ল তেওঁৰ কিছুমান সুন্দৰ কবিতা আৰু শ্বায়েৰী । চাৰাৰ ছ’চিয়েল মিডিয়াৰ একাউণ্ট বহু ধেমেলীয়া কবিতা আৰু শ্বায়েৰীৰে ভৰি আছে ৷

4. ধেমেলীয়া আৰু অঁকৰা(Funny and Goofy) : বি-টাউনৰ বহু অভিনেত্ৰীৰ প্ৰতিটো শব্দই দৰ্শক তথা অনুৰাগীক আকৰ্ষিত নকৰে ৷ চাৰাৰ এনে অনবদ্য গুণ আছে যিয়ে মানুহক কেতিয়াও বিৰক্তি নকৰে । তেওঁৰ ধেমেলীয়া দিশটো বহু প্ৰচাৰমূলক অনুষ্ঠানত দৃশ্যমান হৈছে, যাৰ ভিতৰত আছে দ্য কপিল শৰ্মা শ্ব’ ।

5. মুঝে মুফ্ট কী চিজে বহত পছন্দ হ্যে(Mujhe muft ki cheeze bahut pasand hain) : আপুনি জানে যে চাৰা এটি নৱাব পৰিয়ালৰ সন্তান ৷ কিন্তু এজনী সাধাৰণ ছোৱালীৰ দৰে চাৰাই দিল্লীৰ সৰোজিনী অথবা লাজপত মাৰ্কেটত 50 শতাংশ ৰেহাই মূল্যৰ বস্তু বিচাৰি ফুৰে ৷ বেছিভাগ সময়তে চাৰাক সাধাৰণ পোছাক বা সস্তীয়া জোতা পৰিধান কৰা দেখা যায় ৷

চাৰা আলী খানৰ জন্মদিন

এইকেইটা বিশেষ গুণে নৱাবৰ জীয়ৰী চাৰা আলী খানক বি-টাউনৰ অন্য অভিনেতা-অভিনেত্ৰীতকৈ পৃথক কৰি তুলিছে ৷ জীৱনৰ প্ৰতিটো মূহুৰ্ত ধেমেলীয়া বা হাঁহি-আনন্দেৰে পাৰ কৰিব বিচৰা চাৰালৈ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা থাকিল জন্মদিনৰ অলেখ শুভকামনা ৷

লগতে পঢ়ক :এইবাৰ বাদশ্বাহৰ কণ্ঠত 'বচপন কা প্যাৰ'

ABOUT THE AUTHOR

...view details