অসম

assam

By

Published : Sep 28, 2021, 7:31 AM IST

Updated : Sep 28, 2021, 8:56 AM IST

ETV Bharat / sitara

39 বছৰত ভৰি দিলে অভিনেতা ৰণবীৰ কাপুৰে

আজি বলীউডৰ ‘Romance Hero’ ৰণবীৰ কাপুৰ(Ranbir Kapoor)ৰ ওপজা দিন ৷ এইবেলি জন্মদিন উদযাপনৰ বাবে প্ৰেয়সী তথা অভিনেত্ৰী আলিয়া ভাট(Alia Bhatt)ৰ সৈতে ৰাজস্থানত উপস্থিত হৈছে অভিনেতাগৰাকী ৷

happy birthday ranbir kapoor
ৰণবীৰ কাপুৰৰ জন্মদিন

চিটাৰা ডেস্ক, 28 ছেপ্তেম্বৰ : বলীউডৰ ‘Chocolate Boy’ খ্যাত অভিনেতা ৰণবীৰ কাপুৰ(Ranbir Kapoor)ৰ আজি জন্মদিন ৷ 39 বছৰ বয়সত ভৰি দিলে অভিনেতাগৰাকীয়ে ৷ এইবেলি ৰাজস্থানত ওপজা দিনটো উদযাপন কৰিব ৰণবীৰে ৷ কিয়নো দেওবাৰে প্ৰেয়সী তথা অভিনেত্ৰী আলিয়া ভাট(Alia Bhatt)ৰ সৈতে যোধপুৰ বিমানবন্দৰত প্ৰত্যক্ষ কৰা হৈছিল ৰণবীৰক ৷

ন-অভিনেতাসকলৰ শাৰীত ৰোমাণ্টিক অভিনেতা বুলি ক’লে ৰণবীৰ কাপুৰৰ নাম নিশ্চয়কৈ প্ৰথমে মনলৈ আহে ৷ তেওঁৰ অভিনয় আৰু ৰোমাঞ্চে দৰ্শকৰ মন আপ্লুত কৰি ৰণবীৰক বলীউডৰ ‘Romantic Actor’ ৰ তালিকাত ৰাখিবলৈ সক্ষম হৈছে ৷

আমি সকলোৱে জানো যে এক্সন, থ্ৰীলাৰ ছবিতকৈ ৰণবীৰে ৰোমাণ্টিক ছবিকহে প্ৰাধান্য দিয়ে ৷ ‘চাৱাৰিয়া’ ছবিখনেৰে বলীউডত ভুমুকি মৰা ৰণবীৰ কাপুৰে ৰকষ্টাৰ, বৰফি, য়ে জৱানী হ্যে দিৱানী, তামাচা, এ দিল হ্যে মুছকিল, অজৱ প্ৰেম কী গজৱ কাহানী আদি কেইবাখনো ৰোমাণ্টিক ছবিত অভিনয় কৰি ‘Romance Hero’ ৰ পৰিচয় দাঙি ধৰে ৷

সোণম কাপুৰ, দীপিকা পাডুকন, কেটৰিণা কাঈফ, অনুষ্কা শৰ্মাৰ পৰা আৰম্ভ কৰি মাধুৰী দীক্ষিতলৈকে বলীউডৰ প্ৰায় সংখ্যক মোহময়ী অভিনেত্ৰীৰ সৈতে ছবিত ৰোমাঞ্চ কৰিছে ৰণবীৰে ৷ অৱশ্যে বাস্তৱ প্ৰেমৰ ক্ষেত্ৰতো বহু সময়ত চৰ্চাত থাকে অভিনেতাগৰাকী ৷

পূৰ্বে দীপিকা পাডুকন, কেটৰিণা কাঈফ, নাৰ্গিছ ফখৰীৰ সৈতে থকা ৰণবীৰৰ প্ৰেমৰ সম্পৰ্কই সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছিল ৷ সম্প্ৰতি আলিয়াৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই থকা বুলি জানিব পৰা গৈছে ৷ শ্বাহৰুখ খানৰ পাচতে ৰণবীৰ কাপুৰক বলীউডৰ আটাইতকৈ ৰোমাণ্টিক(Romantic) অভিনেতা বুলি কোৱা হয় ৷ লগতে বলীউডৰ আটাইতকৈ Cute আৰু Handsome অভিনেতাৰ শাৰীতো ৰখা হৈছে ৰণবীৰক ৷ কিয় জানেনে ?

জগ্গা জাছুছত ৰণবীৰ

1. অঁকৰা আৰু কমেডী : ৰণবীৰ কাপুৰৰ কমেডী অভিনয় যথেষ্ট শক্তিশালী ৷ অজৱ প্ৰেম কি গজৱ কাহানী, বেচৰম, জগ্গা জাছুছ, বৰফি আদি ছবিত দেখুওৱা ৰণবীৰৰ কৌতুক অভিনয়ে অভিনেতাগৰাকীৰ অঁকৰা আৰু কমেডী দিশটো প্ৰতিফলিত কৰিছে ৷ ৰণবীৰৰ এটা বিশেষ গুণ হৈছে, তেওঁৰ চৰিত্ৰটোৰ সীমাৱদ্ধতা বিচাৰ কৰা আৰু কাহিনীটোৰ সৈতে ভাৰসাম্য বজাই ৰাখি অভিনয় কৰাৰ ক্ষমতা আছে ।

ৰণবীৰ-ঐশ্বৰ্য

2. ড্ৰামা কিং : ৰণবীৰ এগৰাকী অভিনেতা, যিয়ে পৃথক পৃথককৈ কেৱল আবেগিক হোৱাৰ অভিনয় কৰিব পাৰে ৷ মাত্ৰ এটা শব্দৰে আবেগিক সংলাপক দৰ্শকৰ আগত আবেগিক হৈ প্ৰদৰ্শন কৰাৰ ক্ষমতা আছে ৰণবীৰৰ । ৰণবীৰৰ প্ৰায়ভাগ চৰিত্ৰই আমি আবেগিক চৰিত্ৰ ৰূপত দেখিবলৈ পাইছো ৷

বোম্বে ভেলভেটত ৰণবীৰ

3. নিগেটিভ যদিও মৰমলগা : ৰণবীৰে ৰোমাণ্টিক চৰিত্ৰৰ উপৰিও নিগেটিভ চৰিত্ৰতো অভিনয় কৰি দৰ্শকৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে ৷ সঞ্জু, ৰয়, ৰজনী, বম্বে ভেলভেটৰ দৰে চলচ্চিত্ৰত ৰোমাণ্টিক চৰিত্ৰৰ বিপৰীতে নিগেটিভ যেনে- ড’ন, ড্ৰাগছ আসক্ত যুৱক, ৰাজনীতিবিদ আদিৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ৰণবীৰে ৷ কিন্তু এই চৰিত্ৰসমূহৰ মাজতো দৰ্শকে ৰণবীৰৰ মৰম লগা মুখখন বিচাৰি পাইছে ৷

লগতে পঢ়ক :যোধপুৰত হ’ব আলিয়া-ৰণবীৰৰ বিয়া !

Last Updated : Sep 28, 2021, 8:56 AM IST

ABOUT THE AUTHOR

...view details