অসম

assam

ETV Bharat / sitara

Happy Birthday Kajol : 47 বছৰীয়া হ’ল অঞ্জলী

বলীউড (Bollywood)ৰ মোহময়ী অভিনেত্ৰী কাজল (Kajol)ৰ জন্মদিন ৷ 90ৰ দশকৰ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে 6 বাৰকৈ ফিল্মফেয়াৰ এৱাৰ্ড (Filmfare)কে ধৰি বহুকেইটা ‘শ্ৰেষ্ঠ অভিনেত্ৰী’ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷

By

Published : Aug 5, 2021, 8:57 AM IST

kajol birthday
কাজলৰ জন্মদিন

চিটাৰা ডেস্ক,5 আগষ্ট : 47 বছৰ বয়সত ভৰি দিলে বলীউড (Bollywood)ৰ মোহময়ী অভিনেত্ৰী কাজল (Kajol)য়ে ৷ 90ৰ দশকৰ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী বলীউডৰ অন্যতম সফল অভিনেত্ৰী হিচাপে পৰিচিত ৷ 6 বাৰকৈ ফিল্মফেয়াৰ এৱাৰ্ড (Filmfare)কে ধৰি বৰ্তমানলৈ বহুকেইটা ‘শ্ৰেষ্ঠ অভিনেত্ৰী’ৰ বঁটা লাভ কৰিছে কাজলে ৷

তেওঁৰ এই সফলতাৰ বাবে কাজলক 2011 চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী(Padma Shri)ৰে সন্মানিত কৰে ভাৰত চৰকাৰে ৷ 1974 চনৰ 5 আগষ্টত মহাৰাষ্ট্ৰৰ এটা বঙালী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল কাজলে ৷

শিশু কাজল

মাতৃ তনুজা মুখাৰ্জীৰ পৰাই অভিনয়ৰ শিক্ষা লাভ কৰিছিল কাজলে ৷ 1992 চনত মুক্তি লাভ কৰা ‘Bekhudi’ ছবিখনেৰে বলীউডত খোজ পেলাইছিল অভিনেত্ৰীগৰাকীয়ে ৷ ইয়াৰ পাচতে তেওঁ 1993 চনত মুক্তি লাভ কৰা ‘Baazigar’ ছবিখনত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰিছিল ৷

ক্ৰমান্বয়ে এখনৰ পাচত আনখন বিগ বাজেটৰ ছবিত কাম কৰি বলীউডৰ সফল আৰু জনপ্ৰিয় অভিনেত্ৰীৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় কাজলে ৷ তেওঁৰ জনপ্ৰিয় ছবিসমূহৰ ভিতৰত কেইখনমান আছিল- ‘Dilwale Dulhania Le Jayenge’(1995), ‘Kuch Kuch Hota Hain’(1998), ‘Kabhi Khushi Kabhie Gham’ (2001), ‘Fanaa’ (2006), ‘My Name Is Khan’ (2010) ইত্যাদি ৷

সৰহসংখ্যক ছবিত শ্বাহৰুখ খান (Shah Rukh Khan)ৰ সৈতে অভিনয় কৰিছিল কাজলে ৷ যাৰ পৰিপ্ৰেক্ষিতত বলীউডৰ অন্যতম জনপ্ৰিয় অনক্ৰ্ৰীণ যুটি হিচাপে শ্বাহৰুখ-কাজলৰ নামো সাঙুৰি লৈছে দৰ্শকে ৷ 1999 চনৰ 24 ফেব্ৰুৱাৰীত অভিনেতা অজয় দেৱগন (Ajay Devgn)ৰ সৈতে বিবাহপাশত আৱদ্ধ হয় অভিনেত্ৰীগৰাকীয়ে ৷

শ্বাহৰুখ-কাজল

1995 চনত ‘Hulchul’ ছবিখনৰ দৃশ্যগ্ৰহণ থলীত প্ৰথম দেখা-সাক্ষাৎ হৈছিল অজয়-কাজলৰ ৷ দুবছৰ প্ৰেমৰ সম্পৰ্কত থাকি দুয়োৱে বিবাহপাশত আৱদ্ধ হয় ৷ সম্প্ৰতি দুই সন্তানৰ সৈতে এটি সুখী পৰিয়াল অজয়-কাজলৰ ৷ বলীউডৰ অঞ্জলীলৈ ইটিভি ভাৰত (ETV Bharat) চিটাৰাৰ তৰফৰ পৰাও থাকিল অলেখ শুভকামনা ৷

অজয়-কাজল

লগতে পঢ়ক :আৰু বহু ছবিত অভিনয় কৰিব বিচাৰে নীনা গুপ্তাই...

ABOUT THE AUTHOR

...view details