চিটাৰা ডেস্ক,5 আগষ্ট : বলীউডৰ মোহময়ী অভিনেত্ৰী জেনেলিয়া ডি’চুজা (Genelia D'Souza)ৰ আজি 34 সংখ্যক জন্মদিন (Birthday) ৷ তেলেগু, হিন্দী আৰু তামিল ছবিৰে ছবি জগতত সফলতা লাভ কৰা জেনেলিয়াৰ জন্মদিনৰ শুভকামনাৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়া ৷ অভিনেত্ৰীগৰাকীৰ জন্মদিনৰ শুভক্ষণত আহক উভতি যাও তেওঁৰ অভিনয় জগতলৈ...
1. জানে তু য়া জানে না (Jaane Tu...Ya Jaane Na,2008)
ছবিখনত জেনেলিয়াৰ চৰিত্ৰটোৰ বাবে আমি এই ছবিখন বাৰে বাৰে চোৱাৰ হেঁপাহ কৰো ৷ নহয় নে? ছবিখনত জেনেলিয়াই ‘অদিতি’ নামৰ এগৰাকী শিক্ষাৰ্থীৰ চৰিত্ৰটো ৰূপায়ন কৰিছিল ৷ এগৰাকী আকৰ্ষণীয়, মৰমীয়াল, আবেগিক আৰু বিশ্বাসযোগ্য বন্ধুৰ ভূমিকা পালন কৰি জেনেলিয়াই ছবিখনেৰে দৰ্শকক আমোদ দিছিল ৷
2. তুঝে মেৰী কচম (Tujhe Meri Kasam,2003)
এই ছবিখনৰ জৰিয়তে 2003 চনত জেনেলিয়া আৰু স্বামী ৰিতেশ দেশমুখ (Riteish Deshmukh) দুয়োৱে ছবিজগতত খোজ দিছিল ৷ ছবিখনে বিশেষ সফলতা লাভ কৰা নাছিল যদিও সেই সময়ৰ পৰাই দুয়োৱে প্ৰেমৰ সম্পৰ্কত বান্ধ খাইছিল ৷
3. তেৰে নাল লাভ হো গয়া (Tere Naal Love Ho Gaya,2012)