চিটাৰা ডেস্ক, 23 আগষ্ট :আজি বলীউডৰ 80 ৰ দশকৰ মোহময়ী অভিনেত্ৰী শ্বায়েৰা বানুৰ জন্মদিন ৷ মাত্ৰ 16 বছৰ বয়সতে অভিনয় জগতত ভৰি দিয়া বানু আছিল 1963 চনৰ পৰা 1969 চনলৈ তৃতীয় সৰ্বোচ্চ মাননিপ্ৰাপ্ত অভিনেত্ৰী ৷ অভিনয় জগতত পদাৰ্পণৰ পিছতে তেওঁ কথক আৰু ভাৰত নাট্যমত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে ৷ শীঘ্ৰে তেওঁ এগৰাকী দক্ষ নৰ্তকী হৈ পৰে আৰু সেয়েহে তেওঁৰ ছবিসমূহত নৃত্যৰ সমাহাৰ দেখিবলৈ পোৱা যায় ৷
1961 চনত শ্বায়েৰা বানুৱে Junglee ছবিখনৰ জৰিয়তে বলীউডত খোজ পেলাইছিল ৷ ছবিখনত শমী কাপুৰৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল শ্বায়েৰা বানুৱে ৷ Junglee ছবিখনৰ বাবে শ্বায়েৰা বানুৱে ফিল্মফেয়াৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত মনোনীত হৈছিল ৷
বলীউডত নিচে কম সময়ৰ ভিতৰতে ৰোমাণ্টিক অভিনেত্ৰী হিচাপে পৰিচয় লাভ কৰে শ্বায়েৰা বানুৱে ৷ তেওঁ কেইবাখনো ৰোমাণ্টিক ছবিৰ মুখ্য ভূমিকাত অভিনয় কৰে ৷ শ্বায়েৰা বানুৱে Jhuk Gaya Aasman, Aayi Milan Ki Bela, April Fool, Aao Pyaar Karen, Shagird, Pyar Mohabbat, Bluff Master,Padosan আদি কেইবাখনো চুপাৰহিট বলীউড ছবিত অভিনয় কৰিছে ৷
1966 চনৰ 11 অক্টোবৰত শ্বায়েৰা বানুৱে অভিনেতা দিলীপ কুমাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷ বিবাহৰ সময়ত শ্বায়েৰা বানুৰ বয়স আছিল মাত্ৰ 22 বছৰ আৰু দিলীপ কুমাৰৰ বয়স আছিল 44 বছৰ ৷ তেওঁলোকৰ কোনো সন্তান নাই ৷