চিটাৰা ডেস্ক, ৫ জুলাই : বলীউড ছবি জগতত কাপুৰ পৰিয়ালৰ আৰু এগৰাকী সদস্যৰ প্ৰৱেশৰ যো-জা চলিছে । হংসল মেহতাৰ ছবিৰে অভিনয় জীৱনৰ পাতনি মেলিবলৈ ওলাইছে শশী কাপুৰৰ নাতি জাহান কাপুৰে । একেখন ছবিতে দেখা পোৱা যাব অভিনেতা পৰেশ ৰাৱালৰ পুত্ৰ আদিত্য ৰাৱালকো । অৱশ্যে, এতিয়ালৈকে ছবিখনৰ নাম নিশ্চিত কৰা হোৱা নাই ।
অনুভৱ সিনহা আৰু ভূষণ কুমাৰো ছবিখনৰ নিৰ্মাণৰ সৈতে জড়িত হৈ আছে । বেনাৰস মিডিয়াৱৰ্কছ, টি-ছিৰিজ আৰু মহানা ফিল্মছে ছবিখন প্ৰযোজনা কৰিব । ছবি নিৰ্মাতাই প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি, ছবিখনৰ চৰিত্ৰবোৰৰ বাবে কলা-কুশলী বাচনি কৰোঁতে অনুভৱ সিনহা আৰু ভূষণ কুমাৰক কেইবামাহো সময়ৰ প্ৰয়োজন হৈছে । এই ছবিখন জাহানৰ প্ৰথম খন ছবি ।
ছবিগৃহত মুক্তি লাভ কৰিবলগীয়া আদিত্যৰ এইখন প্ৰথম ছবি । ইয়াৰ পূৰ্বে ২০২০ চনত জি-৫ত মুক্তি লাভ কৰা বাম্ফাৰত আদিত্য ৰাৱালে অভিনয় কৰিছিল । অনুভৱ সিনহাই জনোৱা মতে, জাহান আৰু আদিত্য দুয়োজনে তেওঁলোকৰ চৰিত্ৰ সুন্দৰকৈ ৰূপায়ণ কৰিব বুলি আশা কৰা হৈছে ।