চিটাৰা ডেস্ক,17 অক্টোবৰঃপ্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব 2020 বৰ্ষৰ ফিল্ম ফেয়াৰ এৱাৰ্ড ৷ জানিব পৰা মতে,ৰাজ্য চৰকাৰে অসমৰ পৰ্যটন ক্ষেত্ৰখন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ কৰাৰ এক অংশ হিচাপে এই এৱাৰ্ড শ্ব'টো গুৱাহাটীত অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ 15 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা জনপ্ৰিয় তথা আকৰ্ষণীয় অনুষ্ঠানটোৰ বাজেট 20ৰ পৰা 30 কোটি ধাৰ্য কৰা হৈছে ৷
এইবাৰ গুৱাহাটীত অনুষ্ঠিত হ'ব 'ফিল্মফেয়াৰ এৱাৰ্ড 2020' - গুৱাহাটীত ফিল্ম ফেয়াৰ এৱাৰ্ড
2020 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব আকৰ্ষণীয় চিনে এৱাৰ্ড শ্ব' 'ফিল্ম ফেয়াৰ এৱাৰ্ড'
ফিল্মফেয়াৰ এৱাৰ্ড 2020
টাইমচ অফ ইণ্ডিয়া গ্ৰুপে 1954 চনৰ পৰাই অনুষ্ঠিত কৰি আহিছে এই বঁটা প্ৰদান অনুষ্ঠান ৷ ইতিমধ্যে টাইমচ অফ ইণ্ডিয়া গ্ৰুপে অসম পৰ্যটন নিগমৰ লগত আলোচনাত কৰাৰ লগতে পৰ্যবেক্ষণ কৰিছে সৰুসজাই ষ্টেডিয়াম ৷ কিছুদিনৰ পিছতে এই সন্দৰ্ভত সকলোখিনি কথাই স্পষ্ট হোৱাৰ সম্ভাৱনা আছে ৷