অসম

assam

By

Published : Aug 1, 2020, 3:46 PM IST

Updated : Aug 1, 2020, 5:57 PM IST

ETV Bharat / sitara

মুক্তি পালে গুঞ্জন চাক্সেনাৰ ট্ৰেইলাৰ

মুক্তি পালে জাহ্নৱী কাপুৰ অভিনীত ছবি গুঞ্জন চাক্সেনাঃ দ্য কাৰ্গিলৰ ট্ৰেইলাৰ ৷

Gunjan saxena the kargil girl trailer out
মুক্তি পালে গুঞ্জন চক্সেনাৰ ট্ৰেইলাৰ

চিটাৰা ডেস্ক,1আগষ্টঃ মুক্তি পালে জাহ্নৱী কাপুৰ অভিনীত আগন্তুক ছবি 'গুঞ্জন চাক্সেনাঃ দ্য কাৰ্গিল'ৰ ট্ৰেইলাৰ ৷ শুকুৰবাৰে মুক্তি পালে ছবিখনৰ আকৰ্ষণীয় ট্ৰেইলাৰটো ৷ ট্ৰেইলাৰটো উপভোগ কৰাৰ পিছতে ছবিখন চাবৰ বাবে উৎসাহী হৈ পৰিছে দৰ্শকসকল ৷

ট্ৰেইলাৰটোত গুঞ্জন চৰিত্ৰটোৱে কেনেদৰে পাইলট হ'বৰ বাবে প্ৰস্তুতি চলাইছে সেয়া পৰিলক্ষিত হৈছে ৷ লগতে গুঞ্জনৰ এই যাত্ৰাত তেওঁৰ পিতৃয়ে কেনেদৰে সহযোগ কৰিছে সেয়াও প্ৰকাশ পাইছে ট্ৰেইলাৰটো যোগে ৷

ট্ৰেইলাৰটো যোগে ছবিখনত জাহ্নৱী কাপুৰৰ পৰিশ্ৰম প্ৰতিফলিত হৈছে ৷ ছৰণ শৰ্মাৰ দ্বাৰা নিৰ্দেশিত ছবিখনৰ প্ৰযোজনা কৰিছে কৰণ জোহৰে ৷ ছবিখন আগন্তুক 12 আগষ্টৰ দিনা মুক্তি পাব নেটফ্লিক্সত ৷

লগতে পঢ়কঃসুশান্ত সিঙৰ ভগ্নী শ্বেতাৰ শেহতীয়া প'ষ্টে উদঙাইছে সুশান্তৰ নতুন তথ্য

Last Updated : Aug 1, 2020, 5:57 PM IST

ABOUT THE AUTHOR

...view details