অসম

assam

ETV Bharat / sitara

Gully Boy rapper died: গলি বয় ৰেপাৰ ওৰফে এম.চি টডফডৰ 24 বছৰ বয়সত মৃত্যু - ৰেপাৰ ধৰ্মেশ পাৰমাৰ

গলি বয় ৰেপাৰ ধৰ্মেশ পাৰমাৰ ওৰফে এম.চি টডফডৰ ২৪ বছৰ বয়সত মৃত্যু ঘটে (Gully Boy rapper died)। জয়া আখটাৰ, ৰণবীৰ সিং আৰু সিদ্ধান্ত চতুৰ্বেদীয়ে ধৰ্মেশৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে ।

Gully Boy rapper
এম.চি টডফডৰ 24 বছৰ বয়সত মৃত্যু

By

Published : Mar 22, 2022, 3:54 PM IST

চিটাৰা ডেস্ক, 22 মাৰ্চ: গলি বয় ছবিখনত ইণ্ডিয়া 91 গানটোত কণ্ঠদান কৰা ৰেপাৰ ধৰ্মেশ পাৰমাৰৰ অকস্মাতে মৃত্যু ঘটে (Gully Boy rapper died) ৷ ছবিখনত অভিনয় কৰা অভিনেতা ৰণবীৰ সিং আৰু সিদ্ধান্ত চতুৰ্বেদীয়ে ২৪ বছৰ বয়সত মৃত্যু হোৱা ৰেপাৰগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

এম.চি টডফডৰ 24 বছৰ বয়সত মৃত্যু

ৰেপাৰ ধৰ্মেশ পাৰমাৰ এম.চি টডফড হিচাপে জনাজাত আছিল ৷ তেওঁৰ মৃত্যুত ভাগি পৰিছে গলি বয় ছবিখনৰ কলা-কুশলীসকল ৷ ৰণবীৰ সিঙে নিজৰ ইন্ষ্টাগ্ৰাম ষ্টোৰীত ধৰ্মেশৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁলৈ শেষ শ্ৰদ্ধাঞ্জলি জনালে ৷

এম.চি টডফডৰ 24 বছৰ বয়সত মৃত্যু

সিদ্ধান্ত চতুৰ্বেদীয়েও গুজৰাটী ৰেপাৰজনৰ সৈতে তেওঁৰ কথোপকথনৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি শোক প্ৰকাশ কৰিছে ৷ তেওঁলোকৰ কথা বতৰাত ইজনে আনজনক সংগীত আৰু প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰা দেখা যায়।

গলি বয় ছবিখনৰ পৰিচালক জয়া আখটাৰেও ধৰ্মেশৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ইনষ্টাগ্ৰামৰ জৰিয়তে । ৰেপাৰজনৰ এখন ফটো শ্বেয়াৰ কৰি জয়াই তেওঁ অতি সোনকালেই আঁতৰি গ’ল বুলি দুখ প্ৰকাশ কৰিছে, লগতে নিজকে ধন্য মানিছে ধৰ্মেশৰ সৈতে কাম কৰিবলৈ পাই ৷

এম.চি টডফডৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে প্ৰকাশ কৰা হোৱা নাই ( MC Todfod passes away) । মুম্বাইস্থিত হিপ হপ কালেক্টিভ স্বদেশীৰ সৈতে জড়িত আছিল ধৰ্মেশ পাৰমাৰ ।

লগতে পঢ়ক:Riteish Genelia latest news: ভাৰত এৰি ৰিতেশ-জেনেলিয়া ইংলেণ্ড পালেগৈ

ABOUT THE AUTHOR

...view details