অস্কাৰলৈ ‘গালী বয়’!! - gully boy
‘গালী বয়’ হব 92তম একাডমী বটাঁৰ বাবে ভাৰতৰ অফিচিয়েল এণ্ট্ৰী ৷ ৰণৱীৰ সিং আৰু আলিয়া ভট অভিনিত ছবিখন ষ্ট্ৰীৰ ৰেপাৰৰ জীৱনৰ ওপৰত আধাৰ কৰি নিৰ্মান কৰা হৈছিল ৷
অস্কাৰলৈ ‘গালী বয়’!!
নেশ্যনেল ডেস্ক, 21 চেপ্তেম্বৰঃ জোয়া আখটাৰে পৰিচালনা কৰা ‘গালী বয়’ হ'ব 92 সংখ্যক একাডমী বটাঁৰ বাবে ভাৰতৰ অফিচিয়েল এণ্ট্ৰী ৷ ৰণৱীৰ সিং আৰু আলিয়া ভট অভিনীত ছবিখন ষ্ট্ৰীৰ ৰেপাৰৰ জীৱনৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছিল ৷ এই কথা ঘোষণা কৰে ছবিখনৰ প্ৰযোজক ফাৰহান আখটাৰে ৷ ছবিখনত ৰণৱীৰ সিং, আলিয়া ভটৰ উপৰিও অভিনয় কৰিছে কালকী কেকলা, চিদ্ধান্ত চতুৰ্বেদী আৰু বিজয় ৰাজে ৷