অসম

assam

By

Published : Aug 20, 2020, 9:45 AM IST

ETV Bharat / sitara

বিদ্যা বালানৰ বাবে আমনিদায়ক ভাৰতীয় চলচিত্ৰত উপস্থাপিত মাতৃৰ চৰিত্ৰ

ভাৰতীয় বোলছবিৰ দীৰ্ঘ ইতিহাসৰ বিষয়ে অভিনেত্ৰী বিদ্যা বালানে মন্তব্য কৰে যে, ইয়াত মাতৃসকলৰ ব্যক্তিগত দিশটো বুজাৰ চেষ্টা কেতিয়াও কৰা হোৱা নাই ৷ তেওঁলোকক কেৱল ব্যক্তিগত আশা-আকাংক্ষাক ত্যাগ কৰাই আত্মত্যাগ আৰু সমবেদনাকহে বুজোৱা হয় ৷

বিদ্যা বালন
বিদ্যা বালন

চিটাৰা ডেস্ক, 20 আগষ্ট:ভাৰতীয় চলচিত্ৰৰ ইতিহাসত দীৰ্ঘ সময়ৰ পৰা দেখুৱাই অহা মাতৃসকলৰ চৰিত্ৰই সদায় "বিৰক্তি" প্ৰদান কৰে অভিনেত্ৰী বিদ্যা বালানক ৷ কিয়নো তেওঁ বিশ্বাস কৰে যে, ই তেওঁলোকক নিজৰ দৃষ্টিভংগীৰে চোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে ৷

শেহতীয়াকৈ মুক্তি লাভ বিদ্যা বালান অভিনীত ছবি শকুন্তলা দেৱীত অভিনেত্ৰী গৰাকীয়ে, এগৰাকী প্ৰতিভাবান গণিতজ্ঞ চিন্ময়ীৰ চৰিত্ৰত অভিনয় কৰে ৷ যি নিজৰ জীয়ৰীৰ বাবে এগৰাকী ভাল অভিভাৱক হ'ব নোৱাৰে ৷

"মাতৃ সকলো যে মানুহ সেই কথা মানুহে অনুভৱ কৰিব পাৰিছে ৷ মোৰ এগৰাকী বন্ধুৱে লিখিছে, তেওঁ অনুভৱ কৰিছে যে তেওঁ কেতিয়াও নিজৰ মাকক এগৰাকী ব্যক্তি হিচাপে দেখা নাছিল, দেখিছিল কেৱল এগৰাকী মাতৃ হিচাপেহে ৷"

বিদ্যা বালানে এক সাক্ষাৎকাৰত আৰু কৈছিল, "মই প্ৰশংসাৰে ভৰা এখন দীঘলীয়া বাৰ্তা লাভ কৰিছো ৷ তেওঁলোকে বোলছবিখন উপভোগ কৰিছে তেওঁলোকৰ ব্যক্তিগত অভিজ্ঞতা আৰু মূহুৰ্তৰ লগত সামঞ্জস্য ৰাখি ৷ তেওঁলোকে বুজিব পাৰিছে যে, সন্তানে কেতিয়াও তেওঁলোকৰ পিতৃ-মাতৃ নিখুঁত হোৱাৰ আশা কৰিব নালাগে "

অনু মেননৰ দ্বাৰা পৰিচালিত শকুন্তলা দেৱী আমাজন প্ৰাইম ভিডিঅ'টো উপলব্ধ ৷ ছবিখনৰ সহ চৰিত্ৰসমূহত অভিনয় কৰিছে চান্যা মালহোত্ৰা, যীশু সেনগুপ্তা আৰু অমিত সাধে ৷

ভাৰতীয় বোলছবিৰ দীৰ্ঘ ইতিহাসৰ বিষয়ে অভিনেত্ৰী বিদ্যা বালানে মন্তব্য কৰে যে, ইয়াত মাতৃসকলৰ ব্যক্তিগত দিশটো বুজাৰ চেষ্টা কেতিয়াও কৰা হোৱা নাই ৷ তেওঁলোকক কেৱল তেওঁলোকৰ ব্যক্তিগত আশা-আকাংক্ষাক ত্যাগ কৰাই আত্মত্যাগ আৰু সমবেদনাক বুজোৱা হয় ৷

"মাতৃসকলক সদায় মহিমামণ্ডিত কৰি ৰখা হ'ল আৰু ইয়াৰ বাবে মই ভিন্ন সময়ত ক্ষোভিত হৈ আহিছো ৷ আমি পৰ্দাত সেই মাতৃগৰাকীক কিয় নেদেখো, যাৰ সৈতে আছে নিজৰ সপোন আৰু তেওঁ সেই সপোন ত্যাগ নকৰি বিয়াৰ পাচতো পৰিয়ালৰ পৰা বাহিৰত থাকিব পাৰে ?"

"এনেধৰণৰ প্ৰশ্নই মোক সদায় আমনি কৰে আৰু এয়াই একমাত্ৰ কাৰণ যাৰ বাবে এইখন চিনেমাখন মোৰ বাবে মহত্বপূৰ্ণ ৷ চিনেমাখনত এটা পংক্তি আছে, য'ত কোৱা হয়, মাকক ভগৱানৰ নহয়, ভগৱানক মাৰ স্থান প্ৰদান কৰা হয় ৷ এই কথাই ইয়াকে সূচাই যে, মাতৃসকলক কেতিয়াও মানুহৰ দৰে চোৱা নহয় ৷ "

অভিনেত্ৰীগৰাকীৰ বিশ্বাস, মহিলাসকলক প্ৰায়েই ভাল বা বেয়া ৰূপত বোলছবি সমূহত উপস্থাপন কৰা হয় যদিও বৰ্তমানৰ চিনেমাসমূহত তেওঁলোকৰ ব্যক্তিত্বৰ ভিন্ন দিশবোৰ উন্মোচন কৰাৰো চেষ্টা কৰি থকা হৈছে ৷

"ভিন্ন কৰ্মক্ষেত্ৰত বহু মহিলা নিয়োজিত হৈ আছে আৰু তেওঁলোকে সকলোবোৰ কামেই কৰিবলৈ চেষ্টা কৰিছে ৷ তেওঁলোকৰ ওপৰত বহুতো চাপ আছে ৷ তাৰ ভিতৰত কোনোৱে নিজৰ কেৰিয়াৰক লৈ ব্যস্ত আৰু কোনোৱে চাকৰিক লৈ ৷ সকলোৱে সেই সময়বোৰ পূৰণৰ চেষ্টা কৰিছে, যিসময়ত তেওঁলোক ঘৰত নিজৰ সন্তানৰ সৈতে নাথাকে ৷ আমি আমাৰ প্ৰয়োজন সমূহৰ লগতে নিজকে অধিক গুৰুত্ব প্ৰদানৰ সময়ত কেৱল মহিলাসকলক দোষী সাব্যস্ত কৰি আহিছো ৷"

"আমাৰ মা সকলৰ প্ৰজন্মৰ পৰা বা তাৰ আগৰে পৰাই বহুতো মহিলাই আমাৰ সপোনৰ বাবে নিজৰ সপোনবোৰক বলি দি আহিছে ৷ কিয়নো তেনে সময়ত হয়তো তেওঁলোকে নাজানিছিল সেইবোৰৰ যে কিবা বিকল্পও আছে ৷"

অভিনেত্ৰীগৰাকীয় কয় যে, শকুন্তলা দেৱী যেনেদৰে আছিল তেনেদৰেই তেওঁ নিজৰ দৃষ্টিত সত্য হৈ থকাৰ চেষ্টা কৰিব ৷

লগতে পঢ়ক:সুশান্তৰ মৃত্যু গোচৰ : চিবিআই তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details