চিটাৰা ডেস্ক, 16 মাৰ্চ : গংগুবাই কাথিয়াৱাড়ীৰ বৃহৎ সফলতাৰ পিছত আলিয়াই 15 মাৰ্চত মালদ্বীপত উদযাপন কৰিলে 29 বছৰীয়া জন্মদিন ৷ মাতৃ আৰু ভগ্নীৰ সৈতে মালদ্বীপত এইবাৰ জন্মদিন কিছু বিশেষকৈ উদযাপন কৰিলে আলিয়াই (Alia Bhatt birthday celebration) ৷
বুধবাৰে নিজৰ ইন্ষ্টাগ্ৰামত জন্মদিন উদযাপনৰ এটা ভিডিঅ’ পোষ্ট কৰিলে আলিয়াই (Alia in maldives) ৷ ভিডিঅ’টোত দিনটো সুন্দৰকৈ উদযাপন কৰা দেখা গ’ল আলিয়াক ৷ চাওঁক ভিডিঅ’টো ৷
আলিয়াৰ এই ভিডিঅ’টোত দেখা পোৱা এটা সৰু মৰম লগা বাৰ্তা য’ত লিখা আছিল "Happy birthday 8 I love you" ৷ বয়ফ্ৰেণ্ড ৰণবীৰে আলিয়ালৈ পঠালে ৰঙা গোলাপৰ থোপাৰ লগতে এই সৰু প্ৰেমৰ নোটটো ৷