চিটাৰা ডেস্ক,11 অক্টোবৰ : স্বামী ৰিতেশ দেশমুখৰ সৈতে পুনৰ অভিনয় কৰাৰ ইচ্ছা প্ৰকাশ অভিনেত্ৰী জেনেলিয়া ডি’চুজা দেশমুখৰ ৷ আগন্তুক দিনত এইটো সম্ভৱ হ’ব পাৰে বুলি অভিনেত্ৰী জেনেলিয়াই এই কথা সদৰি কৰে ৷
2003 চনত মুক্তিলাভ কৰা ‘তুঝে মেৰী কচম’ ছবিখনৰ যোগেদি জেনেলিয়া-ৰিতেশৰ সাক্ষাৎ হৈছিল ৷ তাৰ পাচত ‘মস্তী’(2004) আৰু ‘তেৰে নাল লৱ হো গয়া’(2012) ছবিত দেশমুখ দম্পতীয়ে একেলগে অভিনয় কৰে ৷